পৰিৱেশ ৰক্ষাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰৰ ২২ এপ্ৰিলত পালন কৰা হয় বিশ্ব ধৰিত্ৰী দিৱস। পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ে ২২ এপ্ৰিলত জয়পুৰ বনগাঁৱত পালন কৰে বিশ্ব ধৰিত্ৰী দিৱস। বনপালক দুলু মহন্তই আঁত ধৰা অনুষ্ঠানটোত পূব কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী অশোক দেৱ চৌধুৰী বিশেষ অতিথি ৰূপে উপস্থিত থাকি কয়– অইন বছৰত আমি অমৃত বৃক্ষ আন্দোলন ৰূপায়ন কৰি আহিছিলো। এইবাৰ ৰাজ্যৰ নিৰ্বাচনৰ বাবে অমৃত বৃক্ষ বন্ধ কৰিবলগীয়া হৈছে। আমাৰ বিভাগৰ কেইবাখনো গছপুলিৰ নাৰ্চাৰী আছে আৰু সেইবোৰত যথেষ্ট সংখ্যক গছপুলিও আছে। বহাগৰ আগে আগে সেই গছপুলি সমূহ ৰুই শেষ কৰিব লাগিব। আমি নেমু ৰোপনৰ ওপৰত অধিক গুৰুত্ব দিছো। বিশেষকৈ জয়পুৰৰ দৰে বনৰীয়া হাতী উপদ্ৰুত অঞ্চলবোৰত। নেমুই হাতী অহা–যোৱাৰ ক্ষেত্ৰত বাধা দিব পাৰে। তদুপৰি নেমু ৰোপন কৰিলে পৰিয়াল এটাই অৰ্থনৈতিকভাৱেও লাভৱান হ’ব পাৰে। বিষয়াগৰাকীয়ে কয়– মেঘালয়ৰ ফালে হাতীবোৰ নোযোৱা হৈছে, বিভিন্ন কাৰণত। গতিকে আমাৰ ৰাণীৰ বিভিন্ন অঞ্চলত হাতী–মানুহৰ সংঘাত বাঢ়িবলৈ লৈছে। আমি বিভাগীয়ভাৱে ক্ষতি পুৰণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ঝাটকা ফেন্সিং আদিৰ বাবেও চৰকাৰৰ ওপৰত প্ৰস্তাৱ প্ৰেৰণ কৰিছো। অনুষ্ঠানত ৰাণীৰ আঞ্চলিক বন বিষয়া ৰ’জি বৰ্মন আৰু জয়পুৰ গাঁৱৰ দুৰ্গেশ্বৰ ৰাভাই চমু বক্তব্য দাঙি ধৰে। অনুষ্ঠানৰ শেষত নেমু, ডালচেনি আদি বিভিন্ন গছৰ পুলি বিনামূলীকৈ বিতৰণ কৰে। অনুষ্ঠানত অসম প্ৰটেকচন ফ’ৰ্চৰ ৰেঞ্জাৰ ভগৱান কলিতা, খণ্ড বন বিষয়া সমীৰ আলী, নিৰঞ্জন ৰাভা, সঞ্জীৱ গোস্বামী আদি কৰি ৰাণী বনাঞ্চলিক কাৰ্যালয়, নালাপাৰা, শুকুৰবৰীয়া, গাৰোপাৰা খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়া, বনকৰ্মীসকল উপস্থিত থাকে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন