ৰাণীৰ বেলগুৰিত প্ৰকৃতি সংৰক্ষণ কৰিছে এজন সচেতন যুৱকে

0 218

প্ৰকৃতিৰ ৰম্যভূমি হিচাপে পৰিচিত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম মেঘালয় সীমান্তৰ ৰাণীৰ বেলগুৰি গাঁৱত বিগত প্ৰায় চাৰি বছৰে ধৰি নীৰৱে প্ৰকৃতি আৰু বন্য জীৱ জন্তুৰ সংৰক্ষণৰ বাবে কাম কৰি সচেতন লোকসকলৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে প্ৰকৃতিপ্ৰেমী ৰতন সিনহাই।
 
 
সেউজী ধৰণী উন্নয়ন সমিতি নামৰ বেচৰকাৰী সংস্থাটোৰ সম্পাদকৰ দায়িত্বত থকা গুৱাহাটীৰ ওডালবাক্ৰা নিবাসী ৰতন সিনহা নামৰ লোকজনে কেৱল প্ৰকৃতিক ভাল পোৱাৰ দায়ৱদ্ধতাৰে ৰাণীৰ বেলগুৰিত অসম মেঘালয় সীমান্তৰেখাৰ ৩০বিঘা মাটি বিভিন্নজনৰ পৰা লীজ লৈ সেউজী ধৰণী উন্নয়ন সমিতিৰ জৰিয়তে ২০১৬চনৰ পৰাই হাতী মানুহৰ সংঘাত ৰোধ, অৰণ্য সংৰক্ষণৰ হকে উৎসৰ্গিত সেৱাৰ মনোভাৱেৰে কাম কৰি আহিছে।
 
 
এই সন্দৰ্ভত ৰতন সিনহাই জানিবলৈ দিয়ে যে ২০১৬চনত বন বিভাগৰ ৰাণীৰ বনাঞ্চলিক বিষয়া অৰূপ কলিতা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি কেবাগৰাকীও সহৃদয়ৱান লোকৰ অনুপ্ৰেৰণা তথা সহযোগত বেলগুৰিত এটা জুপুৰী সদৃশ ঘৰ সাজি কাম আৰম্ভ কৰে। বন বিষয়া অৰূপ কলিতাৰ পৰামৰ্শ অনুসৰি ৬টা সৰু বৰ পুখুৰী খান্দি গছৰ পোখা দিয়া কাম আৰম্ভ কৰে। ফলত বনৰীয়া হাতীৰ বিচৰণভুমি হিচাপে পৰিচিত বেলগুৰিত সেই পুখুৰী কেইটাত হাতীয়ে জলকেলি কৰি অৰণ্যলৈ উভতি যোৱাৰ ফলত পূৰ্বৰ তুলনাত অঞ্চলটোত হাতীৰ উপদ্ৰৱ কমি যায়।
 
 
 
আনহাতে পুখুৰীৰ মাছ বিক্ৰী কৰি বছৰি উপাৰ্জন কৰা লক্ষাধিক টকাৰে বেলগুৰি চৌহদত সহকৰ্মী সকলৰ সহযোগত কেবাটাও প্ৰজাতিৰ টাৰ্কী, ব্লেক চিকেন, গিনি ফল আৰু কোৰিয়ান পেককে ধৰি উন্নত মানৰ হাঁহ কুকুৰা পালন কৰিছে। ঠিক তেনেদৰে পৰিৱেশ সংৰক্ষণৰ বাবে শিলিখা, আমলখি, মধুৰীআম আৰু বগৰীকে ধৰি বিভিন্ন ফলাহাৰী গছ ৰোপন কৰা হৈছে।

Leave A Reply

Your email address will not be published.