গুৱাহাটীৰ পাৰ্শ্ববৰ্তী অসম মেঘালয় সীমান্তবৰ্তী বৃহত্তৰ ৰাণীকে ধৰি দাঁতি কাষৰীয়া অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে ভাগ ভাগ হৈ ৰাণীকে ধৰি দাঁতি কাষৰীয়া বৃহত্তৰ অঞ্চলটোৰ গাঁও সমূহত মাজে সময়ে সন্ধিয়াৰ পাছত প্ৰৱেশ কৰি মানুহৰ ঘৰৰ চৌহদত থকা ভঁৰাল ঘৰ ভাঙি ধান খাই তহিলং কৰাৰ লগতে পাকঘৰতো সোমাই চাউল বা আন সামগ্ৰী খাই তাণ্ডৱ চলোৱা আদি কাণ্ড তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে। ইয়াৰ মাজতে বন বিভাগে হাতী – মানুহৰ সংঘাত নিৰাময়ৰ বাবে ৰাণীত হাতী অহা যোৱা কৰা পথ আৰু বিচৰণ ক্ষেত্ৰসমূহত হাতীৰ প্ৰিয় খাদ্য নেপিয়াৰ গ্ৰাছ বা নেপিয়াৰ ঘাঁহ ৰোপণ কাৰ্য আৰম্ভ কৰিছে। বন বিভাগৰ এক সূত্ৰই সদৰি কৰা অনুসৰি নেপিয়াৰ ঘাঁহৰ আন এটা নাম হৈছে এলিফেন্ট গ্রাছ। এই ঘাঁহ হাতীৰ প্ৰিয় খাদ্য। গতিকে এই ঘাঁহৰ খেতি কৰি হাতীৰ খাদ্যৰ অভাৱ পূৰণ কৰাৰ বাবে বিভাগীয়ভাবে প্রচেষ্টা চলোৱা হৈছে। যাতে হাতীৰ খাদ্যৰ অভাৱ পূৰণ কৰি হাতীক জনাঞ্চল বা মানুহৰ বসতি থকা অঞ্চললৈ অহা কাৰ্য ৰোধ কৰি হাতী – মানুহৰ সংঘাত নিৰাময় কৰিব পাৰি । আনহাতে বিভাগীয় নিৰ্দেশনা অনুসৰি বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ বাবে তেওঁ বিখ্যাত ৰাণী বনাঞ্চলত পাঁচ জুলাইৰ পৰা নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ কৰিছে ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে । পাঁচ জুলাইৰ দিনা বিয়লি ৰাণীৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ মেঘালয় সীমান্তবৰ্তী নালাপাৰাত ৰাণীৰ আঞ্চলিক বন বিষয়া ৰজী বৰ্মনৰ নেতৃত্বত বনকৰ্মীৰ দলে স্থানীয় গাওঁবাসীৰ সহযোগত নেপিয়াৰ ঘাঁহৰ ৰোপণ কাৰ্য আৰম্ভ কৰিছে। ৰোপণ কাৰ্যসূচীত বন বিভাগৰ পূব কামৰূপ বন সংমণ্ডলৰ বন সুৰক্ষা গোটৰ আঞ্চলিক বন বিষয়া ভগৱান কলিতাৰ উপৰিও ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নালাপাৰা, শুকুৰবৰীয়া, চেঁচা আদি খণ্ড বন কাৰ্যালয়ৰ খণ্ড বিষয়াসকল উপস্থিত আছিল। আঞ্চলিক বন বিষয়া ৰজী বৰ্মনে জানিবলৈ দিয়া মতে নেপিয়াৰ ঘাঁহৰ এই ৰোপণ কাৰ্য বাৰিষাৰ দিনকেইটাত চলি থাকিব। বন বিভাগৰ মূল লক্ষ্য হৈছে যাতে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী যাতে খাদ্যৰ বাবে গাঁৱত প্ৰৱেশ নকৰে। যদি বন বিভাগে নেপিয়াৰ ঘাঁহৰ খেতি কৰি বনৰীয়া হাতীৰ খাদ্যৰ অভাৱ পূৰণ কৰিব পাৰে তেন্তে অসমত চলি থকা হাতী মানুহৰ সংঘাত কিছু হলেও দূৰ হব । ইফালে একাংশ খাদ্য বিশেষজ্ঞই সদৰি কৰা অনুসৰি এই নেপিয়াৰ ঘাঁহত থাকে উচ্চ চেলুলজ আৰু জাইলন। কিম্বন (Fermentation)ৰ বাবে প্ৰয়োজনীয় শৰ্কৰালৈ ভাঙি যায় বাবে জীৱ ইন্ধন প্ৰস্তুত কৰাত সহায় হয়। সেয়ে নেপিয়াৰ গ্ৰাছৰ পৰা হাতীৰ খাদ্য উৎপাদনৰ লগতে জৈৱ ইন্ধনত ব্যৱহাৰ কৰাৰো সুবিধা আছে । আনকি ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান নুমলীগড় শোধনাগাৰত জৈৱ ইন্ধন প্রকল্প নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিচত এতিয়া প্রয়োজন হৈ পৰিছে বাঁহ, নেপিয়াৰ গ্ৰাছ আদি উৎস উদ্ভিদৰ। হাতীৰ খাদ্য উৎপাদনৰ নামত বহু লোক আৰু প্রতিষ্ঠানে নেপিয়াৰ গ্ৰাছৰ খেতি কৰিবলৈ তৎপৰ হৈ পৰিছে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem