ভাৰত চৰকাৰৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পৰিবেশ সংৰক্ষণৰ বাবে দিয়া নিৰ্দেশনাৰ আধাৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ বেটেলিয়ান মূখ্য কাৰ্যালয়ৰ উদ্যোগত ৫ মে’ত ৰাণী হাইস্কুল চৌহদত পৰিবেশ সংৰক্ষণৰ লগতে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে গছপুলি ৰোপণ অভিযানৰ শুভাৰম্ভ কৰা হয় ৷ এই গছপুলি ৰোপণ অভিযানত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত বাহিনীটোৰ বিষয়া – জোৱান সকলে হাইস্কুলৰ ছাত্ৰ – ছাত্ৰী সকলৰ সহযোগত জাম, ভোমোৰা, নিম, অৰ্জুন, কৃষ্ণচুড়া , ৰাধাচূড়া , শিলিখাকে ধৰি প্ৰায় বিভিন্ন প্ৰজাতিৰ ফলাহাৰী আৰু ঔষধি গুণযুক্ত গছপুলি ৰোপণ কৰে। আনহাতে এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত ভাষণ প্ৰসংগত কমাডেণ্ট ৰাজীৱ কুমাৰ ঝাই পৰিবেশ সংৰক্ষণত গছ – গছনিৰ ভূমিকাৰ ওপৰত আলোকপাত কৰে আৰু ছাত্ৰ – ছাত্ৰী সকলক গছপুলি ৰোপণ এটা অভ্যাসত পৰিণত কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বাহিনীটোৰ ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, সহকাৰী কমাডেণ্ট কমলপ্ৰীত কৌৰকে ধৰি কেবাজনো বিষয়া, ৰাণী হাইস্কুলৰ প্ৰধান শিক্ষক দীপক কুমাৰ শৰ্মা, সহকাৰী শিক্ষক সৰ্বানন্দ কলিতাকে ধৰি শিক্ষক – শিক্ষয়ত্ৰী, ছাত্ৰ – ছাত্ৰী আৰু অঞ্চলটোৰ কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে পৰিবেশ সংৰক্ষণৰ লগতে জনহিতকৰ কাৰ্যসূচীৰ অংশ হিচাপে চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানে ৰাণী হাইস্কুল খেলপথাৰৰ চাৰিওফালে গছপুলি ৰোপণ কৰা বাবে অঞ্চলটোৰ লোকসকলে বাহিনীটোৰ শলাগ লৈছে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি