কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী ( চি আৰ পি এফ ) ৰ গুৱাহাটী ক্ষেত্ৰৰ উপ মহা পৰিদৰ্শকৰ নিৰ্দেশনা অনুসৰি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয়ত ২৮ আগষ্টৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ আজি সামৰণি পৰে । ১৭৫ বেটেলিয়ানৰ কমাণ্ডেণ্ট নন্দ কিশোৰ কুমাৰ প্ৰসাদৰ মাৰ্গ দৰ্শনত আয়োজিত তিনিদিনীয়া ক্ৰীড়া প্ৰতিযোগিতাত ফুটবল , ভলীবল, টেবল টেনিছকে ধৰি বিভিন্ন দলীয় আৰু একক খেল অনুষ্ঠিত হয়। প্ৰতিযোগিতা সমূহত বাহিনীটোৰ বহু বিষয়া – জোৱানৰ উপৰিও দাঁতি কাষৰীয়া অঞ্চলৰ বহু চেমনীয়া খেলুৱৈও উৎসাহেৰে ভাগ লয়। আজি প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত কমাণ্ডেণ্ট নন্দ কিশোৰ কুমাৰ প্ৰসাদ, ছেকেণ্ড ইন কমাণ্ড অমিত সিনহা, ডেপুটী কমাণ্ডেণ্টদ্বয় বিৰাট কুমাৰ সিং আৰু অমিত যোশী, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে। উল্লেখ্য যে আজি দেশজুৰি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম জয়ন্তী অতি উলহ মালহেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হৈছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন