ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ লগত সঙ্গতি ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ আৰু জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত মহানগৰীৰ আৰ্য বিদ্যাপীঠ কলেজত কাইলৈ শনিবাৰে ৰাতিপুৱা ১১বজাত বিশেষ পথ-সুৰক্ষা সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা যুৱ-প্ৰজন্মৰ মাজত পথ-সুৰক্ষা সজাগতাক অভ্যাসত পৰিণত কৰি সমাজৰ সৰ্বস্তৰতে ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজনৰ কথা উল্লেখ কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। সমগ্ৰ দেশৰ লগতে অসমতো ১৮ৰ পৰা ৪৫বছৰ বয়সৰ অধিক লোকেই পথ দুৰ্ঘটনাত নিহত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ সময়চোৱাত দ্ৰুতবেগ পৰিহাৰ কৰি সুৰক্ষিত গতিত বাহন চলোৱাকে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ সজাগতাত অধিক প্ৰাধান্য দিয়াৰ লগতে এইসকল লোকক পথ-সুৰক্ষাৰ একো একোজন যোদ্ধা হিচাপে গঢ়ি তোলাৰ বাবে পৰিবহণ বিভাগৰ প্ৰয়াসৰ কথা উল্লেখ কৰে বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে। উল্লেখ্য যে কাইলৈ অনুষ্ঠিত হ’বলগীয়া সজাগতা অনুষ্ঠানত পথ-সুৰক্ষা বিষয়ক বাটৰ নাট, মুকাভিনয় আদি অনুষ্ঠিত হোৱাৰ লগতে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্তসহ পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়া, নেহেৰু যুৱ কেন্দ্ৰৰ নেতৃবৰ্গ, শিক্ষাবিদৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী অগ্ৰণী ব্যক্তি উপস্থিত থাকি পথ-সুৰক্ষা সজাগতাক সমাজৰ সৰ্বস্তৰলৈ আগবঢ়াই নিয়াত ব্ৰতী হ’ব।
Trending
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান
- কামৰূপ(ম) জিলাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদৰ পৰ্যালোচনা বৈঠক
- মুম্বাই সাহিত্য সভা স্বৰ্ণ শাখাৰ নতুন পদক্ষেপ ‘চিনাকি পৰ্ব’
- নিশাৰ আন্ধাৰত বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰত বন্যহস্তীৰ মুক্ত বিচৰণ – চিন্তিত কৃষক টঙিঘৰ সাজি পহৰা দিছে কৃষকে