কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, ২০২২ উদযাপন কৰা হয়। জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰেছ দিৱসত অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকা, সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰ, জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়ৰ বিষয়া মণিমালা গগৈ আৰু কেবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘কমিউনিকেশ্বন এণ্ড জাৰ্নেলিজম’ বিভাগৰ অধ্যাপিকা ড° ভাৰতী ভৰালীয়ে এই বৰ্ষৰ আলোচ্য বিষয় ‘ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা’ৰ ওপৰত আলোকপাত কৰে। কবি কালিদাসৰ দিনৰে পৰা বিভিন্ন প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয় যে সংবাদ মাধ্যম হিচাপে কমিউনিটি ৰেডিঅৰো যথেষ্ঠ ভূমিকা আছে। তেওঁ সংবাদ মাধ্যমৰ নীতিগত আদৰ্শৰ ওপৰত প্ৰাধান্য দি সমাজখন আগুৱাই লৈ যাবলৈ সাংবাদিকসকলক আহ্বান জনায়। সভাত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে তেওঁৰ বক্তব্যত সাংবাদিকসকলৰ নিৰ্ভীক আৰু নিৰপেক্ষ ভূমিকাৰ শলাগ লয় আৰু নিস্বাৰ্থভাৱে সমাজ উত্তৰোণৰ ক্ষেত্ৰত সাংবাদিকসকলক আত্মনিয়োগ কৰিবলৈ প্ৰেৰণা যোগায়। অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাই সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে দিয়া শুভেচ্ছাবাণী পাঠ কৰি দিয়ে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ