কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস, ২০২২ উদযাপন কৰা হয়। জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰেছ দিৱসত অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকা, সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰ, জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়ৰ বিষয়া মণিমালা গগৈ আৰু কেবাটাও সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকলে অংশগ্ৰহণ কৰে। সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘কমিউনিকেশ্বন এণ্ড জাৰ্নেলিজম’ বিভাগৰ অধ্যাপিকা ড° ভাৰতী ভৰালীয়ে এই বৰ্ষৰ আলোচ্য বিষয় ‘ৰাষ্ট্ৰ নিৰ্মাণত সংবাদ মাধ্যমৰ ভূমিকা’ৰ ওপৰত আলোকপাত কৰে। কবি কালিদাসৰ দিনৰে পৰা বিভিন্ন প্ৰসঙ্গ উল্লেখ কৰি তেওঁ কয় যে সংবাদ মাধ্যম হিচাপে কমিউনিটি ৰেডিঅৰো যথেষ্ঠ ভূমিকা আছে। তেওঁ সংবাদ মাধ্যমৰ নীতিগত আদৰ্শৰ ওপৰত প্ৰাধান্য দি সমাজখন আগুৱাই লৈ যাবলৈ সাংবাদিকসকলক আহ্বান জনায়। সভাত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে তেওঁৰ বক্তব্যত সাংবাদিকসকলৰ নিৰ্ভীক আৰু নিৰপেক্ষ ভূমিকাৰ শলাগ লয় আৰু নিস্বাৰ্থভাৱে সমাজ উত্তৰোণৰ ক্ষেত্ৰত সাংবাদিকসকলক আত্মনিয়োগ কৰিবলৈ প্ৰেৰণা যোগায়। অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাই সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে দিয়া শুভেচ্ছাবাণী পাঠ কৰি দিয়ে।
Trending
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে
- ৰয়িঙৰ বলুং গাঁৱত সুধাকণ্ঠৰ এশ বছৰীয়া জন্ম জয়ন্তী উদযাপন-অসম-অৰুণাচলৰ প্ৰেম আৰু ভ্ৰাতৃত্বৰ এনাজৰী- চেলফি পইন্ট উদ্বোধন
- কাঁহিকুছিত তিনিদিনীয়া কাঠফুলা প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত সুধাকণ্ঠ ড’ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত বিশেষ সংখ্যা প্রাগতীর্থ উন্মোচন
- ৰাণীত আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস পালন -শিমলু গছৰ পুলি ৰোপণ আৰু বিতৰণ