ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

0 231

প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটীত সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ উদ্যোগত অনুষ্ঠিত কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। দিছপুৰত অৱস্থিত প্ৰতিমা বৰুৱা পাণ্ডে কলা কৃষ্টি প্ৰতিষ্ঠানত অনুষ্ঠিত হোৱা প্ৰেছ দিৱসত সাংবাদিকৰ স্বাধীনতা, নিৰাপত্তা আদি বিষয়বিলাকক লৈ বিস্তৃতভাৱে আলোচনা কৰা হয়। সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰেছ দিৱসৰ মুকলি সভাত জ্যেষ্ঠ সাংবাদিক দাদুমনি বড়াই সাম্প্ৰতিক সংবাদ-মাধ্যমৰ গতি প্ৰকৃতিৰ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি অসমত সাংবাদিকৰ সুৰক্ষাক লৈ শক্তিশালী সাংবাদিক সংগঠনৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। আনহাতে এই সভাত ‘দৈনন্দিন বাৰ্তা’ কাকতৰ মুখ্য সম্পাদক শংকৰ গোহাইয়ে নিজৰ বক্তব্যত ক্ষুদ্ৰ আৰু মজলীয়া সাংবাদিকৰ মাজত বিভাজনৰ নীতি গ্ৰহণ নকৰি সকলো সাংবাদিককে সমদৃষ্টিৰে চৰকাৰী সা-সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায়। একেটা সভাত বিশিষ্ট পৰিৱেশকৰ্মী দীপাঙ্কজ হাজৰিকাই সাংবাদিকৰ আৰ্থিক নিৰাপত্তা সুনিশ্চিত নোহোৱাৰ বাবেই বহু সাংবাদিকৰ জীৱনলৈ অন্ধকাৰ নামি অহা বুলি উল্লেখ কৰি অৱশ্যে মাঝেথিয়া ৱেজ নিৰ্দেশাৱলী আসাম ট্ৰিৱিউন গোষ্ঠীৰ বাদে কোনো সংবাদ প্ৰতিষ্ঠানে পালন নকৰাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে। সভাত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি যুগল বৰুৱাই নিজৰ ভাষন প্ৰসংগত সমাজৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিকসকলে প্ৰতিমুহুৰ্তত নিৰাপত্তাহীনতাৰ অনুভৱ কৰি অহা বুলি মন্তব্য কৰে। বৃহত্তৰ গণ সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শৰৎ হাজৰিকাই উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। আজিৰ এই সভাত সাংবাদিক সুৰক্ষা মঞ্চৰ মুখ্য সাংগঠনিক সম্পাদক শ্ৰীমন্ত দাস, সাংগঠনিক সম্পাদক ইমদাদ আলী, প্ৰতিভা কুমাৰ, ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সম্পাদক তপন কুমাৰ শইকীয়াকে ধৰি ভালেকেইগৰাকী সংগঠনটোৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। আনহাতে আজিৰ প্ৰতিষ্ঠা দিৱসৰ পিছতে অনুষ্ঠিত হোৱা সাংগঠনিক সভাত অহা ২২ আৰু ২৩ ডিচেম্বৰত ডিব্ৰুগড়ত কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে।

Leave A Reply

Your email address will not be published.