ৰক্তদান মহৎ দান – এই কথাক সাৰোগত কৰিয়েই গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ NSS গোটৰ উদ্যোগত লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ সহযোগত যোৱা ১৬ মাৰ্চ তাৰিখে ছাত্ৰ কল্যাণ সঞ্চালক কাৰ্যালয়ত এক বৃহৎ ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। শিবিৰটোত প্ৰায় ৩০ ৰো অধিক স্বেচ্ছাসেৱকে ৰক্তদান কৰি মহানতাৰ পৰিচয় দিয়ে। ক’ভিড মহামাৰীৰ সময়ছোৱাৰ লগতে তাৰ পৰৱৰ্তী সময়তো এগৰাকী ৰোগীৰ বাবে তেজৰ অপৰিসীম গুৰুত্বৰ কথা উপলব্ধি কৰিয়েই গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ গোটে এনে বিভিন্ন সমাজ হিতৈষী পদক্ষেপ গ্ৰহণ কৰি আহিছে। অনুষ্ঠিত হৈ যোৱা ৰক্তদান শিবিৰৰ শুভ উদ্বোধন কৰি ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কাকতিয়ে সমাজৰ প্ৰতি থকা ছাত্ৰ- ছাত্ৰীৰ দায়বদ্ধতাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয় এন এছ এছ গোটৰ কাৰ্যবাহী বিষয়া ড° ৰিতুপৰ্ণ বৰাই উপস্থিত আটাইকে আদৰণি জনোৱাৰ লগতে ৰক্তদানৰ উপকাৰিতা বিষয়ে অৱগত কৰে। ৰক্তদাতাক কেনেকে উৎসাহ আৰু প্ৰেৰণা যোগাব পাৰি সেই বিষয়েও বক্তব্য প্ৰদান কৰে। এই শিবিৰৰ আয়োজক মণ্ডলীৰ লগতে ৰক্তদাতা ছাত্ৰ- ছাত্ৰী সকললৈ এই মহান দানৰ বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° প্ৰতাপ জ্যোতি সন্দিকৈ তথা পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে। বিয়লি ৩ বজাত অন্ত পৰা ৰক্তদান শিবিৰ দিনযোৰা কাৰ্যসূচীৰে সুকলমে অনুষ্ঠিত হৈ যায়।
Trending
- স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰ আৰু ডিমৌৰ বানাক্ৰান্ত অঞ্চল, সাহায্য আৰু স্বাস্থ্য শিৱিৰ পৰিদৰ্শন
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing