ৰিলায়েণ্স জিঅ’ মুকলি কৰিছে নতুন এপ,১০০জনে বহি একেলগে মিটিং কৰিব পাৰিব

0 255

দেশৰ এক অন্যতম নেটৱৰ্ক সেৱা হৈছে ৰিলায়েন্স জিঅ’ সেৱা। এই ৰিলায়েন্স জিঅ’ সেৱাই গ্ৰহণ কৰিছে এক অন্যতম উল্লেখযোগ্য পদক্ষেপ। উল্লেখযোগ্য যে ৰিলায়েন্স জিঅ’ই জিঅ’মিট নামৰ এইচ ডি ভিডিঅ’ কলিং এপ এটা মুকলি কৰিলে। এই এপটোৰ জৰিয়তে প্ৰায় ১০০জন লোকে এবাৰতে ভিডিঅ’ কনফাৰেন্সত ভাগ ল’ব পাৰিব। প্ৰতিজন ব্যক্তিয়ে ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা দিশতে ব্যৱহাৰ কৰিব পাৰিব এই নতুন এপটো। স্মৰ্তব্য যে গুগল প্লে’ ষ্টোৰ আৰু এপ ষ্টোৰত উপলব্ধ হ’ব এই এপটো। সমগ্ৰ দেশজুৰি ক’ভিড১৯ৰ আতংক চলি থকাৰ বাবে চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ প্ৰায়ভাগ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰি আছে।
 
 
 
সমান্তৰালভাৱে অফিচিয়েল মিটিংবোৰো ভাৰ্চুৱেলি হৈ আছে। এইক্ষেত্ৰত ৰিলায়েন্স জিঅ’ৰ জিঅ’মিট এপটো সকলোৱে সময়োপোযোগী বুলি মন্তব্য কৰিছে। ৰিলায়েন্স জিঅ’ৰ নতুন এপ জিঅ’মিট প্লে’ অথবা এপ ষ্টোৰৰ উপৰিও সকলোধৰণৰ এণ্ড্ৰইড, আই ও এচ স্মাৰ্টফোনত থকা গুগল ক্ৰ’ম আৰু ম’জিলা ফায়াৰফক্সৰ পৰাও ব্যৱহৃত হ’ব।

Leave A Reply

Your email address will not be published.