ৰূপহীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন শিল্পী মিলেশ্বৰ ডেকালৈ লোকশিল্পী -২০২৫ বঁটা প্ৰদান

0 68

২০২৪ বৰ্ষৰ ১৩ ফেব্ৰুৱাৰীত জন্ম হোৱা মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ সৌজন্যত ১৩ ফেব্ৰুৱাৰীত ৰূপহী মহাবিদ্যলয়ৰ প্ৰেক্ষাগৃহত বিশ্ব ৰেডিঅ’ দিৱস আৰু সংঘৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি উলহ-মালহেৰে উদযাপন কৰে । পুৱা ১০ বজাত অনুষ্ঠান আৰম্ভ হয় এটি চাইকেল ৰেলিৰে। চাইলেল ৰেলি উদ্বোধন কৰে ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ নাথে। তাৰ পিছতেই মহাবিদ্যালয়ৰ চৌহদত পাচটি বৃক্ষ ৰোপন কৰাহয়। তাৰ পিছতেই মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভা আৰু অন্তৰংগ অনুষ্ঠান সঞ্চালনা কৰে অধ্যক্ষ মনোজ কুমাৰ নাথ আৰু উপাধ্যক্ষ মইনা মনি দেৱীয়ে ।সভাত বিশ্ব ৰেডিঅ’ দিৱসৰ উপৰত বক্তব্য প্ৰদান কৰে শ্ৰোতা সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈয়ে।সভাত স্বাস্থ্য সম্পকীয় সজাগতা মূলক এক বক্তব্য প্ৰদান কৰে ডা: গুলজাৰ হুছেইনে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতে মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই ঘোষণা কৰা লোকশিল্পী বঁটা-২০২৫ আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয় শিল্পী মিলেশ্বৰ ডেকাক। সভাত মূখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ, আদৰ্শ বিদ্যালয় লাওখোৱাৰ অধ্যক্ষা প্ৰিয়ংকা বৰদলৈ, সমাজকৰ্মী নপুৰ বৰ্ধন, ড° চিমা ভূঞা, ড° ৰশ্মি ৰেখা কলিতা, শিল্পী মীনা শইকীয়া, সমাজকৰ্মী দুৰ্ল্লভ প্ৰৱন বৰুৱা, আকাশবানীৰ ঘোষিকা হিৰন্যপ্ৰভা দিহিঙীয়া, দিব্যজ্যোতি বৰুৱা উপস্থিত থাকে। উল্লেখ্য যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ মাজত অনুষ্ঠিত কৰা ঠিতাতে লিখা ৰচনা প্ৰতিয়োগীতাৰ শ্ৰেষ্ঠ তিনিগৰাকী ছাত্র-ছাত্রী ক্ৰমে আৰিফ আহমেদ ( প্ৰথম ), খালেদা বেগম ( দ্বিতীয় ), আল চুহানা আখতাৰা ( তৃতীয় )ক শ্ৰোতা সংঘৰ তৰফৰ পৰা পুৰস্কৃত কৰা হয়।লগতে মহাবিদ্যালয়খনিৰ কেণ্টিনলৈ এটি অনাঁতাৰ ছেট প্ৰদান কৰা হয়।

খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.