ৰেছন কাৰ্ড নথকা লোকক আজাৰাত বিনামূলীয়াকৈ সাহাৰ্য্য বিতৰণ

0 297

দেশত চলি থকা লকডাউন কেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে ৰাজ্যৰ যিসকল লোকৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত ৰেচন কাৰ্ড নাই তেওঁলোক প্ৰতিগৰাকীকে মাহেকত ১০কেজি কৈ চাউল বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে।
 
 
পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ পাঁচখনকৈ গাও ক্ৰমে আজাৰা, কাঁহীকুছি, মাজিৰগাঁও, গড়ল আৰু ধাৰাপুৰত বুধবাৰে এই বিনামূলীয়া চাউল বিতৰণৰ কাৰ্যসূচীৰ শুভাৰম্ভ হয়।
 
 
আজাৰা ৰাজহুৱা সভাঘৰত অনুষ্ঠিত এই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। কাৰ্যসূচীত বহুকেইগৰাকী লোক উপস্থিত থাকে। ইফালে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে সদৰী কৰা  মতে ৰেচন কাৰ্ড নথকা পৰিয়ালক ১৮খন সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰায় ৯০কুইণ্টল চাউল সামাজিক দুৰত্ব বজাই ৰাখি বিনামূলীয়াকৈ বিতৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.