গহপুৰত সংঘটিত অনাকাংক্ষিত পথ-দুৰ্ঘটনাত বিহুৱা দলৰ পাঁচজনকৈ সদস্যই অকালতে প্ৰাণ হেৰুৱাবলগীয়া মৰ্মান্তিক ঘটনাত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ পৰা গভীৰ শোক প্ৰকাশ কৰি ৰঙালীত সাংস্কৃতিক অনুষ্ঠান পৰিবেশনত ব্যৱহৃত বাহনৰ চালকে কোনো কাৰনতে যাতে সুৰাপান কৰি আৰু তীব্ৰ গতিত বাহন নচলায় তাৰ বাবে চালকৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ বিহুৱা দল, সাস্কৃতিক দলৰ শিল্পী, কলা-কুশলিলৈ আহ্বান জনাই সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৷ গুৱাহাটী মহানগৰীৰ চেন্ট্ৰেল মলৰ বাকৰিত অনুষ্ঠিত ৰেডিঅ’ মিৰ্ছিৰ বিহুতলীত পৰিবহণ বিভাগৰ সহযোগত অনুষ্ঠিত পথ সুৰক্ষা অনুষ্ঠানত উপস্থিত থাকি পৰিবহণ বিষয়াগৰাকীয়ে কয় যে সাধাৰণতে চালকৰ অসাৱধানতা, অমনোযোগিতাৰ বাবে যিহেতু অধিক সংখ্যক পথ দুৰ্ঘটনা সংঘটিত হয় সেয়ে বিহুৰ অনুষ্ঠান পৰিবেশন কৰিবলৈ যোৱা বাহনৰ চালকৰ ওপৰত শিল্পী-কলাকুশলীয়ে চোকা দৃষ্টি ৰখা প্ৰয়োজন ৷ উল্লেখ্য যে ৰঙালীৰ ৰং-ধেমালিৰ সময়ত পৰিবহণ বিভাগৰ উদ্যোগত অব্যাহত পথ সুৰক্ষা সজাগতা অনুষ্ঠান আজি ৰেডিঅ’ মিৰ্ছিৰ বিহুতলীত অনুষ্ঠিত হয় । অনুষ্ঠানত পৰিবহণ বিভাগৰ দ্বাৰা গঠিত বিহুৱা দলে পথ সুৰক্ষা নীতি নিৰ্দেশনাক মূল বিষয় হিচাপে লৈ যুগুতোৱা বিহু হুচৰি পৰিবেশন কৰি নতুন প্ৰজন্মৰ যুৱক-যুৱতীকে ধৰি সকলো শ্ৰেণীৰ লোকৰ মাজত সজাগতা সৃষ্টি কৰে। আৰ জে গৌৰৱ, আৰ জে পল্লৱী আৰু আৰ জে সুস্মিতাই পৰিচালনা কৰা অনুষ্ঠানটোত বিহুনৃত্য, মোকাভিনয়, একক অভিনয়কে ধৰি অন্যান্য অনুষ্ঠানসমূহো পথ সুৰক্ষাৰ সজাগতাৰ আধাৰতে পৰিবেশন কৰি সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ এই অভিযান আগবঢ়াই নিয়া হয় । ব্যতিক্ৰমী অনুষ্ঠানটোৰ আৰম্ভণিৰ পূৰ্বে এগচি বন্তি প্ৰজলন কৰি গহপুৰৰ শোকাবহ পথ দুৰ্ঘটনাত নিহতলৈ শ্ৰদ্ধাজ্বলি জনাই সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে বিশেষকৈ যোৱা তিনি বছৰত পথ দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ ভিতৰত ৫৬ শতাংশই ১৮ৰ পৰা ৩৫ বছৰ বয়সৰ বুলি তথ্য উল্লেখ কৰি সমাজৰ ডেকা শক্তিক পথ সুৰক্ষাৰ ক্ষেত্ৰত অধিক সজাগ হ’বলৈ আহ্বান জনায় ৷ দুচকীয়া বাহনৰ চালক আৰোহী উভয়কে হেলমেট, চাৰিচকীয়া বাহন চলাওতে ছীটবেল্ট পৰিধান কৰিবলৈ আহ্বান জনাই কোনোৱে যাতে সুৰাপান কৰি আৰু ম’বাইলত কথা পাতি গাড়ী নচলাই তাৰ বাবে সকীয়াই দিয়ে ৷ তীব্ৰ গতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিতহে গাড়ী চলাবলৈও তেওঁ সকলোৰে প্ৰতি সবিনয়ে আহ্বান জনায়।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়