গহপুৰত সংঘটিত অনাকাংক্ষিত পথ-দুৰ্ঘটনাত বিহুৱা দলৰ পাঁচজনকৈ সদস্যই অকালতে প্ৰাণ হেৰুৱাবলগীয়া মৰ্মান্তিক ঘটনাত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ পৰা গভীৰ শোক প্ৰকাশ কৰি ৰঙালীত সাংস্কৃতিক অনুষ্ঠান পৰিবেশনত ব্যৱহৃত বাহনৰ চালকে কোনো কাৰনতে যাতে সুৰাপান কৰি আৰু তীব্ৰ গতিত বাহন নচলায় তাৰ বাবে চালকৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ বিহুৱা দল, সাস্কৃতিক দলৰ শিল্পী, কলা-কুশলিলৈ আহ্বান জনাই সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৷ গুৱাহাটী মহানগৰীৰ চেন্ট্ৰেল মলৰ বাকৰিত অনুষ্ঠিত ৰেডিঅ’ মিৰ্ছিৰ বিহুতলীত পৰিবহণ বিভাগৰ সহযোগত অনুষ্ঠিত পথ সুৰক্ষা অনুষ্ঠানত উপস্থিত থাকি পৰিবহণ বিষয়াগৰাকীয়ে কয় যে সাধাৰণতে চালকৰ অসাৱধানতা, অমনোযোগিতাৰ বাবে যিহেতু অধিক সংখ্যক পথ দুৰ্ঘটনা সংঘটিত হয় সেয়ে বিহুৰ অনুষ্ঠান পৰিবেশন কৰিবলৈ যোৱা বাহনৰ চালকৰ ওপৰত শিল্পী-কলাকুশলীয়ে চোকা দৃষ্টি ৰখা প্ৰয়োজন ৷ উল্লেখ্য যে ৰঙালীৰ ৰং-ধেমালিৰ সময়ত পৰিবহণ বিভাগৰ উদ্যোগত অব্যাহত পথ সুৰক্ষা সজাগতা অনুষ্ঠান আজি ৰেডিঅ’ মিৰ্ছিৰ বিহুতলীত অনুষ্ঠিত হয় । অনুষ্ঠানত পৰিবহণ বিভাগৰ দ্বাৰা গঠিত বিহুৱা দলে পথ সুৰক্ষা নীতি নিৰ্দেশনাক মূল বিষয় হিচাপে লৈ যুগুতোৱা বিহু হুচৰি পৰিবেশন কৰি নতুন প্ৰজন্মৰ যুৱক-যুৱতীকে ধৰি সকলো শ্ৰেণীৰ লোকৰ মাজত সজাগতা সৃষ্টি কৰে। আৰ জে গৌৰৱ, আৰ জে পল্লৱী আৰু আৰ জে সুস্মিতাই পৰিচালনা কৰা অনুষ্ঠানটোত বিহুনৃত্য, মোকাভিনয়, একক অভিনয়কে ধৰি অন্যান্য অনুষ্ঠানসমূহো পথ সুৰক্ষাৰ সজাগতাৰ আধাৰতে পৰিবেশন কৰি সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ এই অভিযান আগবঢ়াই নিয়া হয় । ব্যতিক্ৰমী অনুষ্ঠানটোৰ আৰম্ভণিৰ পূৰ্বে এগচি বন্তি প্ৰজলন কৰি গহপুৰৰ শোকাবহ পথ দুৰ্ঘটনাত নিহতলৈ শ্ৰদ্ধাজ্বলি জনাই সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে বিশেষকৈ যোৱা তিনি বছৰত পথ দুৰ্ঘটনাত মৃত্যু হোৱা সকলৰ ভিতৰত ৫৬ শতাংশই ১৮ৰ পৰা ৩৫ বছৰ বয়সৰ বুলি তথ্য উল্লেখ কৰি সমাজৰ ডেকা শক্তিক পথ সুৰক্ষাৰ ক্ষেত্ৰত অধিক সজাগ হ’বলৈ আহ্বান জনায় ৷ দুচকীয়া বাহনৰ চালক আৰোহী উভয়কে হেলমেট, চাৰিচকীয়া বাহন চলাওতে ছীটবেল্ট পৰিধান কৰিবলৈ আহ্বান জনাই কোনোৱে যাতে সুৰাপান কৰি আৰু ম’বাইলত কথা পাতি গাড়ী নচলাই তাৰ বাবে সকীয়াই দিয়ে ৷ তীব্ৰ গতি পৰিহাৰ কৰি নিয়ন্ত্ৰিত গতিতহে গাড়ী চলাবলৈও তেওঁ সকলোৰে প্ৰতি সবিনয়ে আহ্বান জনায়।
Trending
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে