ৰৈ ৰৈ ৰতি ………….. অভিশ্ৰুতি

1 565

……. এৰি গলে এৰাপাত,

নেলাগে মইনা মাত

এৰি গলে নেলাগে ভাত…..

. ৰৈ ৰৈ ৰৈ ৰৈ  ৰতি

মইনা মইনামতী ,

 

এইবাৰৰ ৰঙালী বিহুৰ সময়ত এটা গীতৰ জনপ্ৰিয়তাৰ লহৰে পৰিধি ভাঙি গৈছিল দেশ আৰু বিদেশৰ সীমনাৰ । নিভাঁজ অসমীয়া শব্দৰ চয়ন, নিটোল সংগীতৰ প্ৰয়োগ তাতোকৈ অধিক এক কোকিলকণ্ঠীৰ মায়াবী সুৰৰ মূৰ্ছনাত মোহিত হৈ পৰিছিল সমগ্ৰ সংগীত প্ৰেমীসকল । এই গীতৰ যোগেদি যেন সদম্ভে ঘোষিত হৈছিল অসমৰ সংগীতৰ আকাশত আবিৰ্ভাৱ হৈছে এক নতুন জ্যোতিষ্কৰ । তেওঁৰ নাম অভিশ্ৰুতি বেজবৰুৱা ।

মাত্ৰ কেইটামান গীতৰ যোগেদিয়েই অভিশ্ৰুতি বেজবৰুৱাই অসমৰ শ্ৰোতাৰ মাজত এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে । আমি অসমৰ লোক সকলে তেওঁৰ বিষয়ে কম জানো যদিও ইতিমধ্যে দেশে বিদেশে অভিশ্ৰুতি বেজবৰুৱাৰ কৰ্মৰাজিয়ে লাভ কৰিছে বিপুল সমাদৰ ।

1

আপুনি হয়তো এক মিনিটৰ বাবে আশ্চৰ্য হৈ ৰ’ব, যদিহে আমি আপোনাক জনাওঁ যে অভিশ্ৰুতি বেজবৰুৱাই হলিউডটো নিজৰ কামৰ দ্বাৰা সমাদৰ লাভ কৰিছে । “The Second Best Exotic Marigold Hotel” আৰু “Viceroy’s House”  নামৰ দুখন হলীউডৰ চিনেমাৰ sound designingৰ সতে জড়িত আছে অভিশ্ৰুতিৰ নাম ।ইয়াৰ উপৰিও তেওঁ Ra.one ,English Vinglish, PK ,Kick আদি কৰি বহু জনপ্ৰিয় বলীউড তথা অন্যান্য ভাৰতীয় ভাষাৰ চিনেমাতো Sound designing & editingৰ কাম কৰিছে ।

ঐতিহ্যমণ্ডিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিয়ালত জন্মলাভ কৰা অভিশ্ৰুতিয়ে শিশুকালৰে পৰাই ঘৰখনত লাভ কৰি আহিছে এক সংগীতমূখৰ পৰিৱেশ ।তেওঁ সংগীতৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰে গুৰু শ্ৰী দামোদৰ বৰাৰ ওচৰত ।মাত্ৰ ১৩ বছৰ বয়সতে সংগীত বিশাৰদ সন্মান লাভ কৰা অভিশ্ৰুতিৰ প্ৰতিভা সম্পূৰ্ণ ৰূপে পৰিস্ফুট হয়, পদ্মভূষণ গুৰু পণ্ডিত ৰাজন আৰু পণ্ডিত চাজন তথা তেওঁ লোকৰ পুত্ৰ ৰিতেশ আৰু ৰাজনীশৰ তত্বাৱধানত ।

3

পদ্মবিভূষণ পণ্ডিত বিৰজু মহাৰাজ, পদ্মশ্ৰী মুজাফৰ আলি ,অস্কাৰ বিজয়ী চাউণ্ড ডিজাইনাৰ ৰেছুল পুক্কুটি আদিৰ দৰে স্বনামধন্য ব্যক্তিৰ সৈতে কাম কৰা অভিজ্ঞতাৰে পুষ্ট  অভিশ্ৰুতি । হিন্দুস্থানী ক্লাছিকেল ঘৰানাৰ এই গৰাকী শিল্পীৰ দক্ষতাৰ উমান পাব পাৰি তেওঁৰ গীত সমূহৰ পৰা ।প্ৰতিটো গীতেই আপোনাক দি যাব সুকীয়া আমেজ ।

2

নিচেই কম বয়সতেই সংগীতৰ জগতখনত প্ৰতিষ্ঠা আৰু জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা অভিশ্ৰুতি বেজবৰুৱাৰ এই সফলতাৰ প্ৰতি আমাৰ অভিনন্দন জ্ঞাপন কৰিলোঁ । এই সুৰীয়া যাত্ৰা প্ৰবাহিত হৈ ৰওঁক চিৰদিন ।

 

লেখক: ধ্ৰুৱ জ্যোতি অৰ্জুনা

 

1 Comment
  1. পোনাৰাম says

    অলেখ বাৰ ৰৈ ৰৈ ৰতি উপভোগ কৰিলো

Leave A Reply

Your email address will not be published.