এগৰাকী আইতাই হাতত মোনালৈ ঘৰে ঘৰে মাস্ক বিতৰণ কৰিছে

0 290

সমগ্ৰ বিশ্বতে ক’ৰণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে।লক ডাউনৰ সময়ত সকলো লোক ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছে।ক’ৰণা মহামাৰীৰ বিৰুদ্ধে ৰাইজক সজাগ-সচেতন কৰিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে।বিশ্ব স্বাস্থ্য সংস্থাৰ নিদেৰ্শ অনুসৰি সকলোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
 
 
এনে সময়ত মাস্কৰ নাটনিয়ে দেখা দিছে বহু অঞ্চলত। বহু দৰিদ্ৰ লোকে এখন মাস্ক যোগাৰ কৰিব পৰা নাই ।সেই দৰিদ্ৰ লোকসকলৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি মৰিয়নীৰ নকছাৰী চুকাফা নগৰৰ বাসিন্দা ৯৩ বছৰীয়া  ডালিমী গগৈ নামৰ মহিলাগৰাকীয়ে গামোচাৰে তৈয়াৰী মাস্ক কোনো প্ৰচাৰ অবিহনে নীৰৱে দুখীয়া ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰি আহিছে। বৰ্তমানলৈকে মহিলা গৰাকীয়ে দুই শতাধিকতকৈ অধিক লোকক  গামোচাৰে তৈয়াৰী মাস্ক প্ৰদান কৰিছে ।
 
 
ৰাইজক মাস্ক প্ৰদান কৰা লগতে মাস্ক কিয় পিন্ধিব লাগে তাকো গঞা ৰাইজক সুন্দৰকৈ বুজাই দিয়ে ডালিমী গগৈয়ে। নিতৌ মহিলা গৰাকীয়ে এটা বেগত মাস্কখিনি ভৰাই লৈ ৰাইজৰ মাজত বিতৰণৰ বাবে ঘৰৰ পৰা ওলাই আহে। লক ডাউনৰ সময়ত মাত্ৰ চাৰিদিনহে ঘৰত থকা বুলি প্ৰকাশ কৰা ডালিমী গগৈয়ে বাহিৰত ঘুৰি ফুৰা লোকসকলক লক ডাউনৰ নীতি নিয়ম পালন কৰি ঘৰত থাকিবলৈও বুজনি দি আহিছে।
 
ইয়াৰ উপৰিও তেখেতে দহ গৰাকী বিধবা মহিলাক খাদ্য সামগ্ৰী প্ৰদান কৰি সহায় কৰা বুলিও জানিবলৈ দিয়ে। এই বৃদ্ধা অৱস্থাত কিয় ওলাই আহিছে বুলি সাংবাদিকে প্ৰশ্ন কৰাত ডালিমী গগৈয়ে হাঁহি এটা মাৰি কয় “এগৰাকী সমাজকৰ্মী হিচাপে ৰাইজৰ বাবে কাম কৰি ভাল পাও।সেইবাবে ওলাই আহিছো। নমৰালৈকে ৰাইজৰ বাবে কাম কৰি যাম বুলি ভাবিছো”।
 
আনহাতে ডালিমী গগৈয়ে নিতৌ খোজেৰে সমগ্ৰ অঞ্চলটো পৰিভ্ৰমণ কৰে বুলি প্ৰকাশ কৰা লগতে গাঁৱৰ মানুহে লক ডাউন সুন্দৰকৈ পালন কৰিছে বুলি ব্যক্ত কৰে। নকছাৰী অঞ্চলবাসীয়েও এই বৰ্ষীয়ান মহিলা গৰাকীৰ উদ্যমক শলাগ লোৱা লগতে তেখেতে দিয়া পৰামৰ্শ পালন কৰা বুলি জানিবলৈ দিয়ে। এতিয়া নকছাৰী অঞ্চলত মুখত মাস্ক লগাই হাতত এখন মোনা লৈ বিভিন্ন লোকক বুজনি দি থকা ডালিমী গগৈ এক পৰিচিত দৃশ্য হৈ পৰিছে।
 
খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে..

Leave A Reply

Your email address will not be published.