ATMIYO এক সামাজিক মাধ্যম

0 259

আত্মীয় জন সদায় আপোন। আত্মীয় জনক কোনেও দূৰ কৰি নাৰাখে। এনে এটা মানসিকতা লৈয়ে এজন উদ্যমীয়ে অলপতে মুকলি কৰিছে এটা সামাজিক মাধ্যমৰ এপ (App)। যাৰ নাম আত্মীয় (ATMIYO)।

IMG-20170912-WA0030

ডিব্ৰুগড়ৰ মিলননগৰৰ ঋষশৃংগ নামৰ যুৱকজনে এই এপটো কিছুদিনৰ আগতে এক সংবাদমেল যোগে মুকলি কৰে। ঋষশৃংগ চাংমাই নামৰ এই যুৱ উদ্যমীজনৰ এনে চিন্তা কিদৰে মনলৈ আহিল, জানিব বিচৰাত এনেদৰে কয়…. সাধাৰণতে আমাৰ বহুতো শিক্ষিত ল’ৰাই ভাল চাকৰি বিচাৰি ৰাজ্যৰ বাহিৰত যায়। বহুতে তাতে চাকৰি কৰি গোটেই জীৱন কটায়। কিন্তু স্বদেশ, স্বজাতিৰ কথা একো নাভাবে। আমি হয়টো বহুতে নাজানো যে ফেচবুক ব্যৱহাৰকাৰীৰ প্ৰতিজনৰ পৰা প্ৰতি চেকেণ্ডত ফেচবুকে বহু টকা আয় কৰে। ইয়াৰ অৰ্থ এইটো যে আমি বিনা কাৰণত বৰ্হিদেশক চহকী কৰি আছো। তেনে এটা মনোভাব অহাৰ পৰিপ্ৰেক্ষিতত এই এপটোত উদ্ভাৱন কৰো।

IMG-20170912-WA0031

জানিব পৰা মতে এই এপটো ইতিমধ্যে ৪০০০ ব্যৱহাৰকাৰী সংযোজিত হৈছে। বিশেষকৈ নৱপ্ৰজন্মই এই এপটোক আদৰি লৈছে।

Leave A Reply

Your email address will not be published.