অসম অৰুণাচল সীমান্তৱৰ্তী গাৰোগাঁও অঞ্চলৰ ৰাইজৰ বিদ্যুতৰ সুবিধাৰ বাবে আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ তৎপৰতাত আনুষ্ঠানিকভাৱে বিদ্যুতৰ খুঁটা পোতা কামৰ শুভাৰম্ভ হয় । বালিপৰা বিদ্যুৎ উপ সংমণ্ডলৰ সংমণ্ডল বিষয়া সাৰংগপাণি শইকীয়া এজিএম সুমিত কুমাৰ সিংহাৰ লগতে ৰাইজ, জনপ্ৰতিনিধিৰ উপস্থিতিত বিধায়কগৰাকীয়ে খুঁটা পোতা কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি পদ্ম হাজৰিকাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাত বিভিন্ন আঁচনিৰ জৰিয়তে আজি দেশৰ চুকে কোণে ৰাইজৰ মাজত বিজুলী যোগান কাম আৰম্ভ হোৱাত এক উন্নয়ন বিপ্লৱৰ সূচনা হৈছে । বছৰ বছৰ ধৰি বিদ্যুতৰ পোহৰ নেদেখা গাৰোগাঁও অঞ্চলৰ ৪০০ ঘৰ লোকে অহা ২৫ ডিচেম্বৰৰ ভিতৰত বিজুলী বাতিৰ পোহৰত জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ’ব, । অনুষ্ঠানটোত চাৰিদুৱাৰ জিলা পৰিষদৰ সদস্য কৃষ্ণ কোচ, সমাজকৰ্মী অৰুণ ভূঞা, ভালেমান জনপ্ৰতিনিধি, অঞ্চলবাসী ৰাইজ উপস্থিত থাকে ।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী