India Book Of Recordsত নিজৰ নাম লিখিলে ৰঙিয়াৰ এগৰাকী ছাত্ৰই

0 258

India Book Of Recordsত ৰঙিয়াৰ এগৰাকী ছাত্ৰৰ নাম অন্তৰ্ভুক্ত হৈছে । এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যাৰে লিখি অভিলেখ গঢ়া ৰঙিয়াৰ মুৰাৰা খৈৰাবাৰীৰ ধনজিৎ মল্ল বৰুৱাৰ নাম সন্নিবিষ্ট হৈছে ইণ্ডিয়া বুক অব ৰেকৰ্ডছত ।
উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ধনজিৎ মল্ল বৰুৱাই হাফ লকডাউনৰ সময়ত ঘৰতে আৱদ্ধ হৈ ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু প্ৰতিবাৰেই বিফল হৈছিল যদিও মনোবল নেহেৰুৱাই চেষ্টা অব্যাহত ৰাখিছিল ধনজিতে । অৱশেষত চাৰি বাৰৰ অন্ততঃ এক মিনিটৰ ভিতৰত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি উলিওৱা বাবে ইণ্ডিয়া বুক অব ৰেকৰ্ডছৰ দ্বাৰা সন্মানিত হৈছে । ইয়াৰ পূৰ্বে চেন্নাইৰ এগৰাকী যুৱতীয়ে এক মিনিটৰ ভিতৰত ১ ৰ পৰা ৬৯ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিছিল । কিন্তু সেই যুৱতীগৰাকীকো চেৰ পেলাই এক মিনিটত ১ ৰ পৰা ১০০ লৈ সংখ্যা লিখি ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে । ইণ্ডিয়া বুক অব ৰেকৰ্ডছ কতৃপক্ষই মানপত্ৰ, বঁটা, কলম আৰু পৰিচয় পত্ৰৰে সন্মানিত কৰে ধনজিৎ মল্ল বৰুৱাক।

Leave A Reply

Your email address will not be published.