মহানগৰীত মাজুলী! কথাষাৰ শুনি হয়তো আপোনাৰ আচহুৱা লাগিছে। এই অবাস্তৱ যেন লগা কথাষাৰ বাস্তৱত ৰূপ দিবলৈ এদল শ্ৰমিকে প্ৰস্তুতি অব্যাহত ৰাখিছে। অহা ১২ ডিচেম্বৰত জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব তাৰ বাবে সমগ্ৰ মহানগৰীতে প্ৰস্তুতি অব্যাহত আছে। বিশেষকৈ বিমান বন্দৰৰ পৰা আৰম্ভ কৰি লাচিত ঘাটলৈকে সৌন্দৰ্য বৰ্দ্ধনৰ বাবে ফুল ৰুইছে, ৰং কৰিছে আৰু আদৰ্শ গাঁও স্থাপন কৰিছে। উল্লেখযোগ্য যে মহানগৰীৰ লাচিত ঘাটৰ সমীপত প্ৰায় ১০০০ জন শ্ৰমিকে আদৰ্শ গাঁও সজোৱাত ব্যস্ত আছে। জানিব পৰা মতে আদৰ্শ গাঁৱত থাকিব ভড়াল, নামঘৰকে আদি কৰি অসমীয়া পৰম্পৰাগত সংস্কৃতিৰ বহু সমল।আনহাতে মিচিং, তিৱা, জনগোষ্ঠীৰ ঘৰ সমূহ সুন্দৰকৈ নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছে। জাহাজৰ সমীপত চাহৰ বাগান সাজি উলিয়াইছে। জানিব পৰা মতে অহা ১১ ডিচেম্বৰত এই সমূহ কাম সম্পূৰ্ণ হৈ উঠিব। লাচিত ঘাটৰ সমীপত গঢ়ি উঠা এই গাঁওখনে নিসন্দেহে সকলোকে আকৰ্ষিত কৰিব।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ৰান ফৰ প্ৰাইড শীৰ্ষক অনুষ্ঠান সম্পন্ন
- শিক্ষাৰ ক্ষেত্ৰখনক অধিক টনকিয়াল কৰাৰ স্বাৰ্থত ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত শিক্ষা বিষয়া সকলৰ দিনযোৰা কৰ্মশালা অনুষ্ঠিত
- অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা ( নগৰীয়া)ৰ আশাপ্ৰদ প্ৰদৰ্শন-এইপৰ্যন্ত ২০৭২.৬৭ কোটি টকা ব্যয়, নিৰ্ধাৰিত লক্ষ্যৰ ৮৫.০৪ শতাংশ গৃহৰ নিৰ্মাণ সম্পূৰ্ণ
- ৮৬সংখ্যক ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি
- নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ শ্বিলঙত একাডেমী প্ৰতিষ্ঠা হ’ব
- বিদ্যালয় শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগৰ উদ্যোগত উচ্চ শিক্ষাৰ অনুষ্ঠান সমূহত Digital Initiatives and Entrepreneurship Development Cell শীৰ্ষক এদিনীয়া কৰ্মশালা অনুষ্ঠিত
- মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগুৰ ৪ আঁচনিৰ আধাৰশিলা
- শিল্পী জয়ন্ত হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত
- এ ই চি ন্যাসৰ অভিনৱ পদক্ষেপ
- গুৱাহাটীত ‘অমৃত কলহ যাত্ৰা’ৰ ৰূপায়ন সন্দৰ্ভত আলোচনা-২০ ছেপ্টেম্বৰৰ পৰা ঘৰে ঘৰে গৈ সংগ্ৰহ কৰা হ’ব মাটি