ন প্ৰণালীৰে ৰন্ধা কেইবিধমান ৰেচিপি

0 241

মন কৰিবচোন স্থানীয়ভাৱে খোৱা কিছুমান খাদ্য সম্ভাৰ অলপ ব্যতিক্ৰম ধৰণে খোৱা জুতি লৈও কেতিয়াবা ভাল লাগে। তেনে কিছু খাদ্যসম্ভাৰৰ ৰেচিপি NE Focus ত প্ৰকাশ কৰা হ’ল। আগবঢ়ালে সুজাতা পাঠক বৰাই।

কচু শাক দি মুৰ্গী মাংস

received_1254620904605689

প্ৰথমে কচুখিনি ভালকৈ ধুই সৰুকৈ কাটি নিমখ দি সিজাই লৈ পানী টুকি থব । তিনি, চাৰিটা পিয়াজ, নহৰু, আদা অলপ জলকীয়া আৰু বিলাহী এটা একেলগে পিহি পেষ্ট কৰি ল’ব । কেৰাহীত মিঠাতেল গৰম কৰি মাংসখিনি হালধী নিমখ সানি আধা ভজা কৰি উঠাই থব । তাৰপিছত সেই তেলতে পিয়াজৰ পেষ্ট খিনি দি ভাজিব লগত হালধী নিমখ আৰু অলপ মিট মছলা দিব । মছলা পেষ্টখিনি ভাজি তাতে কচু শাকখিনি দিব । কচু শাকখিনি আধাভজা কৰি তাতে মুৰ্গী মাংসখিনি দিব । ভালকৈ ভাজিব । হৈ গলে সুন্দৰকৈ সজাই পৰিৱেশন কৰিব ।

মাছৰ কালিয়া

received_1254621304605649

প্ৰণালী :-
মাছখিনি ভাজি ল’ব । প্ৰথমে ৬ জন মানুহৰ বাবে ৬ দোখৰ মাছৰ গ্ৰেভীৰ বাবে তিনিটা পিয়াজ , এটা বিলাহী , শুকান জলকীয়া, আদা এডখৰ নহৰু এটা অলপ লং দালচেনি ইলাচি একেলগে পেষ্ট বনাই ল’ব । কেৰাহীত অলপ সৰহকৈ মিঠাতেল গৰম কৰি তাতে মছলা পেষ্টখিনি ভালকৈ ভাজি তেল বিৰিঙিলে আধা কাপ দৈ ভালকৈ ফিটি ভজা মছলাখিনিত দিব । লগতে নিমখ হালধী আধা সৰু চামোচ চেনি, কেইটামান কিছমিছ, কাজু দি ভালকৈ ভাজিব । ভাজি হ’লে মাছ কেইডোখৰ দি ভালকৈ লৰাই অলপ দেৰি পিছত একাপ পানী দি উতলিব দিব । উতলি হৈ তেল বিৰিঙিলে নমাই থব ।

জিৰা ৰাইচ : জিৰা ৰাইচখিনি ৰান্ধিবলৈ

received_1254621637938949

উতলা গৰম পানীত চাউলৰ সৈতে তেজপাত ,দালচেনি ,ইলাচি , নৰসিংহ পাত , নিমখ ,এচামোচ ৰিফাইণ্ড তেল আৰু জাৱিত্ৰী দি চাউলখিনি আধাসিজা কৰি পানী তুকি ল’ব । তাৰপিছত ডাঙৰ বাচন এটাত দুচামোচ ঘি গৰম কৰি জিৰা এচামোচ ফুটাই লৈ ভাতখিনি দি ভালকৈ ট’চ কৰি কেচা জলকীয়া নৰসিংহ পাত আৰু ধনীয়াপাত দি নমাই থব।

Leave A Reply

Your email address will not be published.