পলকতে ৰান্ধিব পৰা কেইবিধমান ৰেচিপি

1 273

ঘৰলৈ আলহী আহিলে অথবা ঘৰত পাৰ্টি থাকিলে অতি সহজতে ৰান্ধিৰ পৰা কেইবিধমান খাদ্যৰ ৰেচিপি NE Focus ত দিয়া হ’ল। আগবঢ়ালে সুজাতা পাঠক বৰাই।

ফিচ ফিংগাৰ (Fish Finger)

received_1264631206937992

হোটেল ৰেষ্টোৰেণ্টত বা যিকোনো পাৰ্টীত ষ্টাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰা এইবিধ খাদ্য বনাব অতি সহজ।

সামগ্ৰী : আৰি বা বৰালী মাছৰ টুকুৰা চাৰি বা পাচ ডোখৰ, আদা নহৰু জলকীয়া পেষ্ট , পিয়াজ ধনীয়া মিহিকৈ কুটা, হালধী নিমখ আৰু এচামোচ মিট মছলা আৰু আঠ ন টুকুৰা ব্ৰেদৰ কাষৰ খিনি কাটি চাফা কৰি ল’ব… মনত ৰাখিব ফিচ ফিংগাৰ কাইট নোহোৱা মাছেৰে বনাব সদায় .. বিশেষকৈ আৰি মাছৰে বেছি সোৱাদ হয় …

প্ৰণালী: মাছৰ টুকুৰা কেইটা সিজাই পানী টুকি মাজৰ কাইটদাল গুচাই লওঁক। এটা ডাঙৰ বাচনত মাছখিনিৰ লগত আদা নহৰু পিয়াজ জলকীয়া ধনীয়া হালধী নিমখ মিট মছলা সকলো খিনি মিহলাই পিটিকি ব্ৰেদৰ টুকুৰাখিনি দি আটা মৰাৰ দৰে মাৰি মিহি কৰি লওক। মিহি হ’লে মিশ্ৰণ খিনিৰে সৰু সৰু আঙুলিৰ আকাৰ দি গৰম তেলত ভাজি গৰমে গৰমে পৰিৱেশন কৰক ….

 

বাচুন্দী (Basundi)

received_1264631456937967

বাচুন্দী হৈছে গুজৰাট আৰু মহাৰাষ্ট্ৰ লোক সকলেৰ অতি প্ৰিয় খাদ্য । অকল গাখীৰ পগাই বনোৱা হয় ঢেৰ দ্ৰাই ফ্ৰুটচৰ লগত ।

এক লিটাৰ গাখীৰ পগাই ইলাচি আৰু চেনি দি, পগাই পগাই আধা কৰি এশ গ্ৰাম পাউদাৰ গাখীৰ দিব । ই সোৱাদ বঢ়োৱাৰ লগতে অলপ গাঢ় কৰিব ।  শেষত কাজু, পিষ্টা, খেজুৰ আৰু কিছমিছ অলপ অলপ ঘিত ৰঙাকৈ ভাজি দি দিব । মিল্কমেদ দিব পাৰে পাউদাৰ গাখীৰৰ সলনি ।

received_1264635963604183

                  

সুজাতা পাঠক বৰা

 

1 Comment
  1. mayouri handique says

    bhal lagise.aenekoi recipes but di thakile amar help hoi.I am interested in cooking.

Your email address will not be published.