পৰম্পৰাগত ৰেচিপি লগত ন-সংযোজন

0 188

এনে কিছুমান খাদ্যৰ ৰেচিপি আছে, বহু সময়ত আপুনি হয়তো সময়ৰ অভাৱৰ বাবেই হওক অথবা  নজনাৰ বাবে খোৱা নহয়। কিন্তু খাই ভালপোৱা সকলে সদায়ে ন ন খাদ্যৰ জুতি লৈ ভাল পায়। মইও কিন্তু ইয়াৰ ব্যতিক্ৰম নহয় দেই ! তেনে কেইবিধমান ৰেচিপি আজি NE Focus ত আগবঢ়াইছে মিতালী কলিতাই। ইতিমধ্যে মই ৰেচিপি বোৰৰ জুতি লৈছোৱেই । আহকচোন আপুনিও শিকি লওক ৰেচিপি সমূহ আৰু লওক ন ৰেচিপিৰ জুতি।

আম আদাৰে সৰু মাছ

IMG-20161216-WA0022

সামগ্ৰী: আম আদা বাটা, সৰু মাছ, নিমখ, হালধি, কেচাঁ জলকীয়া

প্ৰণালী:- সৰু মাছ কেইটা ধুই চফা কৰি ভাজিব। ভজা হ’লে সেই মাছ খিনিৰ ওপৰত আম আদা বটাখিনি পানী মিহলাী ঢালি দিব । এতিয়া তাত নিমখ, হালধি আৰু কেচাঁ জলকীয়া দি উতলিব দিব । অলপ উলতি ঘন হ’লে নমাই গৰম ভাতৰ লগত পৰিবেশন কৰিব। আম আদাৰ গোন্ধৰে ভাত খিনিৰ আামেজ ল’ব ।

কৰদৈৰে মুৰ্গীৰ জোল

IMG-20161216-WA0020

সামগ্ৰী: লোকেল মুৰ্গী মাংস, কৰদৈ, পিয়াজ, কেচাঁ জলকীয়া সোৱাদ অনুযায়ী।

পদ্ধতি:- কেৰাহিত তেল গৰম কৰি প্ৰথমে পিয়াজ বটা, আদা বটা দি ভাজিব। ভজা হ’লে মুৰ্গীৰ মাংসখিনি ভাজিব। অলপ ভজা হ’লে নিমখ, হালধি দি কৰদৈ কাটি দিব। তাৰপিছত পানী অকণমান দি সিজাই দিব। ওপৰত ধনীয়া পাত দি গৰম ভাতৰ লগত পৰিবেশন কৰিব।

নাৰিকল দিয়ানাৰসৰ ভাত

IMG-20161216-WA0019

সামগ্ৰী: বাচমতি চাউল, নাৰিকলৰ গাখীৰ, আনাৰস, আদা, নহৰুৰ পেষ্ট, কেচাঁ জলকীয়া, সৰু সৰু কুটা পিয়াজ, Dry Fruit আৰু বাটাৰ।

প্ৰথমে আনাৰসটো দীঘল কৈ দুফাল কৰি ল’ব। তাৰপিছত এফালে বাকলি এৰুৱাই সৰু সৰু টুকুৰা কৰি ল’ব। এতিয়া প্ৰেচাৰ কুকাৰত চাউলখিনি Coconut Milk ৰ লগত সিজাই ল’ব আনফালে পেন এখন বাটাৰ, দুচামোচ দি তাত প্ৰথমে পিয়াজ, আদা, নহৰু বাটা দি ভাজি লৈ কুটা আনাৰস খিনি অলপ সময় ভাজি নাৰিকলৰ গাখীৰ ভাত দিব। তেতিয়া ওপৰত Dry Fruits খিনিৰে সজাই আনাৰসৰ খোলা এফালে সজাই পৰিবেশন কৰিব।

 

Leave A Reply

Your email address will not be published.