জৈৱিক চাহৰ বিপ্লৱ সূচনা কৰা যুৱকজন

0 279

আমাৰ মাজত এনে কিছুমান মানুহ আছে, বেলেগে নকৰা কাম কৰি ভাল পাই, আৰু আনন্দ পাই । সেই  ৰাপ বা হবিয়েই যেতিয়া সময়ত পেছা হিছাপে আকোঁৱালি লয়, সেই মানুহজনে বিচাৰি পায় জীৱনৰ অন্যতম আলোকৰ সন্ধান । মন কৰিব কথাষাৰ কিন্তু একেবাৰে মিছা নহয়।

IMG-20161215-WA0055

আজিৰ তাৰিখত তেনে এজন উচ্চশিক্ষিত যুৱকক আপোনাৰ সন্মুখত পৰিচয় কৰি দিব লৈছো। আহকচোন  তেখেতৰ লগত পৰিচয় হও তেখেত  পল্লৱ জ্যোতি নাথ। শোণিতপুৰৰ আমিয়াপুৰৰ পাচনৈৰ বাসিন্দা।

IMG-20161215-WA0056

এই উচ্চ শিক্ষিত যুৱকজনে জৈৱিক পদ্ধতিয়ে চাহ খেতি কৰি বিশেষ ভাবে পৰিচয় লাভ কৰিছে। পল্লৱ জ্যোতি নাথৰ লগত NE Focus.com ৰ সম্পাদিকা সংগীতা শইকীয়াৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নাথে এনে দৰে জনিবলৈ দিয়ে… তেজপুৰ দৰং কলেজৰ পৰা স্নাতকত উত্তীৰ্ণ হৈ দিল্লীত মেনেজমেণ্ট বিভাগত অধ্যয়ন কৰো। ইয়াৰ পিছতে ঘৰলৈ আহি দাদাৰ সহযোগত জৈৱিক চাহৰ ঘৰতে বাগান আৰম্ভ কৰো। সম্পূৰ্ণ ঘৰুৱা পদ্ধতিয়ে চাহ প্ৰস্তুত কৰা সকলো খিনি কাম সমাপন কৰা হয়। আমাৰ ২১ বিঘা মাটিত চাহৰ বাগান আছে।

IMG-20161215-WA0057

উল্লেখযোগ্য যে পল্লৱ জ্যোতি নাথৰ Kanaka Tea Estate জৰিয়তে বহুকেইটা পৰিয়ালে আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিছে। এনে প্ৰয়াস দেখি নিকতৰ্বত্তী অঞ্চলৰ বহুকেইজন ব্যক্তিয়ে এই চাহ বাগানৰ কামত নিয়োজিত হৈ পৰিছে।

IMG-20161215-WA0054

স্মতৰ্ব্য যে asamicaagro.in নামেৰে Online ৰ জৰিয়তে জৈৱিক চাহৰ বিক্ৰী হয়। তেখেতৰ এনে সমূহ কাম কাজৰ সঠিকতা জানিবলৈ London, Hongkong, Germany, France, আৰু Italy ৰ পৰা বহু পৰ্যটক বছৰি আহে। ইয়াৰ উপৰিও নাথে বতৰৰ ফল উপলব্ধ হোৱাকৈ এখন ফলমুলৰ বাগান কৰিছে। যি বৰ্ত্তমান সময়ত অতি প্ৰয়োজনীয় হৈ পৰিছে। কিয়নো প্ৰায় সময়তে বতৰৰ ফলমূল সমূহ একেঠাইতে পোৱা নাযায়। বিশেষকৈ দেশী বিদেশী পৰ্যটক সমূহক এনে বাগানে দৃষ্টি আকৰ্ষণ কৰিব বুলি আশা কৰিব পাৰিব । নাথৰ এনে ধৰণৰ মহৎ কাৰ্য্যই সচেতন সকলো নাগৰিককে আনন্দিত কৰি তুলিছে। সেয়েহে আমি জনাইছো আন্তৰিক অভিনন্দন।

Leave A Reply

Your email address will not be published.