ফিউজনত তিনিবিধ ৰেচিপি

0 298

কেতিয়াবা এনে হয় ঘৰতে কিছুমান খাদ্য বনোৱাৰ পিছত খাবলৈ মন নোযোৱা হয়। আৰু পেলাবলৈও নোৱাৰা হও। তেনে কিছুমান খাদ্যৰ ফিউজন কৰি ৰান্ধি খাই কিন্তু বেচ আমোদ লাগে। তেনে কিছুমান ৰেচিপিৰ টিপছ আপোনালৈ আগবঢ়ালে মিতালী কলিতাই।

ক্ষীৰৰ লাদু

IMG-20161126-WA0018

কেতিয়াবা ক্ষীৰ অথবা পায়স বনালে দুদিনৰ পিছত খাবলৈ মন নাযায়। তেতিয়া সেই ক্ষীৰ খিনি দাঠ কেৰাহি এখনত অলপ শুকাই দাঠ কৰি ঠাণ্ডা হ’ব দিব। ঠাণ্ডা হ’লে হাতেৰে সৰু সৰু লাদু বনাব । আৰু আন এটা বাতিত দাঠ চকলেট মেল্ট কৰি সেই মেল্ট চকলেট খিনি বনাই থোৱা ক্ষীৰৰ লাদু কেইটা লেটিয়াই ক্ৰীম থাকিলে সজাই ফ্ৰীজত ১০ মিনিট মান সময়ৰ পিছত ঠাণ্ডা হ’বলৈ দি পৰিবেশন কৰক।

ব্ৰেদৰ শাহি দুকৰা

সামগ্ৰী – ব্ৰেদ, দাঠকে পগুৱা গাখীৰ, চেনি, তেল বা ঘিঁ আৰু চেৰি।

প্ৰথমে গাখীৰ খিনি পগাই চেনি দি ঘন কৰি ল’ব। আনফালে ব্ৰেদ কেইচকল কাটি তেল বা ঘিত ভাজি পেপাৰৰ নেপকিনত থ’ব। এতিয়া প্লেট এখনত সজাই ওপৰত পগাই লোৱা গাখীৰ খিনিৰ ওপৰত ঢালি চেৰি আৰু ক্লালাৰফুল কেণ্ডিয়ে সজাই পৰিবেশন কৰিব।
IMG-20161126-WA0019

লাই শাকৰ চালাদ

IMG-20161126-WA0020

সামগ্ৰী- লাই শাক, সৰু মিচামাছ, কেচা জলকীয়া, নহৰু, অলিভ অইল, নিমখ।

প্ৰণালী- লাই শাক অলপ ডাঙৰ আকাৰত কাটিব। কেৰাহি এখন তেল গৰম কৰি মাছ কেইটা ভাজি উঠাই থ’ব। এতিয়া সেই তেলত শাকখিনি দি কেঁচা জলকীয়া নহৰু আৰু মাছ দি গৰমে গৰমে পৰিবেশন কৰিব পাৰে।

 
 

Leave A Reply

Your email address will not be published.