হিয়াৰ আবেগেৰে “হিয়া”ক সৃষ্টি কৰিছে জোনালী শইকীয়াই

0 233

কিছুমান মানুহৰ পৰিচয় সুধিব নালাগে । তেওঁলোক য’লৈকে যায় কঢ়িয়াই লৈ যায় আত্মীয়তাৰ মিঠা সুবাস । জোনালী শইকীয়া খাচনবিচো তেনে এগৰাকী মহিলা । প্ৰথম পৰিচয়তে মিঠা হাঁহিটোৰে এই বিদুষী মহিলাগৰাকীৰ ব্যক্তিত্বত আপুনি মুগ্ধ হৈ ৰ’ব । হয়তো এনে আত্মীয়তা আৰু ব্যক্তিত্বৰ গুণতেই শীততাপ নিয়ন্ত্ৰিত ৰুমৰ আৰামী চাকৰি জীৱণ এৰি তেওঁ গাৱঁৰ মহিলা সকলক লৈ সৃষ্টি কৰিব পাৰিছে এক অনন্য ব্ৰেণ্ড-“হিয়া” ।

1

“অসমৰ শিপিনীয়ে তাঁতত সপোন ৰচিব পাৰে”- অসমৰ শিপিনীৰ বিষয়ে জাতিৰ পিতাৰ এই প্ৰবাদ বাক্য শাৰী আমি প্ৰত্যেকজন অসমীয়াই শ্ৰদ্ধাৰে সোঁৱৰো । কিন্তু অসমৰ শিপিনী সকলৰ এই “সপোনক” বাস্তৱায়িত কৰাৰ খুৱ কমেইহে প্ৰচেষ্টা দেখা যায় । জোনালী শইকীয়াই যেন এই গুৰু দায়িত্ব কান্ধ পাতি লৈছে ।“হিয়া” নামৰ ব্ৰেণ্ডটোৰ যোগেদি তেওঁ অসমৰ মেখেলা-চাদৰক জনপ্ৰিয় কৰি তুলিছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ যুৱতী আৰু মহিলা সকলৰ মাজত ।

IIM,Banglore ৰ দৰে মুধাফুটা শিক্ষানুষ্ঠানৰ শিক্ষাৰে শিক্ষিত জোনালী শইকীয়াক জন্মভূমিৰ প্ৰতি থকা অপত্য স্নেহেই যেন উদ্বুদ্ধ কৰিলে “হিয়া”ৰ সৃষ্টি কৰিবলৈ । ভাৰতৰ বিভিন্ন প্ৰান্তলৈ কৰ্মৰ সন্ধানত যোৱা অসমীয়া অৰ্ধশিক্ষিত যুৱক যুৱতী সকলৰ লঘু-লাঞ্ছনা দেখি তেওঁ ব্যথিত হৈছিল । দৰিদ্ৰতা আৰু কৰ্মহীনতাই এই সকল লোকক এনেদৰে বৰ্হিৰাজ্যলৈ ঢাপলি মেলিবলৈ বাধ্য কৰিছে, সেই কথা অনুমান কৰি তেওঁ সিদ্ধান্ত ললে এই সকলৰ বাবে কিবা এটা কৰাৰ। ইয়াৰ বাবে তেওঁ বাছি ললে উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা সকলৰ অতিকৈ চিনাকি তাঁতশালখন। স্বাভাৱিক ব্যৱসায়িক বুদ্ধিমত্তা, তথা কৰ্প’ৰেট চেক্টৰৰ দীৰ্ঘকালীন অভিজ্ঞতালব্ধতাৰে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ঐশ্বৰ্যশালী বস্ত্ৰালংকাৰ সমুহৰ বজাৰ দখলৰ অপৰিসীম ক্ষমতাক ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ললে ।

2

ভাবিলে আচৰিত লাগে এসময়ত কৰ্প’ৰেট চেক্টৰৰ উচ্চ পদত অভিষিক্ত এগৰাকী মহিলাই কি দৰে গাঁৱৰ অনাখৰী মহিলা সকলৰ সৈতে কাম কৰিব পাৰে? কি দৰে শাৰীৰিক দুখ কষ্টকো নেওচি  দুৰ্গম এলেকালৈকে নিজৰ কৰ্ম পৰিসৰ বৃদ্ধি কৰিব পাৰে ? গাঁৱৰ মহিলা সকলক একগোট কৰি তেওঁলোকৰ দ্বাৰা উৎপাদিত বস্ত্ৰ সমূহক উপযুক্ত দামত গ্ৰাহকক বিক্ৰী কৰা লৈকে প্ৰতিটো ক্ষেত্ৰত তেওঁ ওতঃপ্ৰোত ভাবে জড়িত থাকে । “হিয়া”ৰ ক্ৰমবৰ্ধিত জনপ্ৰিয়তাৰ হয়তো মূল কাৰণ এয়াই ।

3

“বজাৰৰ বাবে উৎপাদন”ৰ আপ্তবাক্যশাৰী সৰোগত কৰি জোনালী শইকীয়াই তেখেতৰ সৃজনশীলতাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বস্ত্ৰশিল্পক এক নতুন মাত্ৰা প্ৰদান কৰিছে । এই অঞ্চলৰ পৰম্পৰাগত বয়ন শিল্পৰ সূতা আৰু আৰ্হিৰে তেওঁ প্ৰস্তুত কৰিছে বিভিন্ন মনোমোহা শাড়ী । “হিয়া”ৰ বেনাৰত প্ৰস্তুত এই শাড়ী সমূহে দেশে বিদেশে বিপুল সমাদৰ আৰু ভূয়সী প্ৰশংসা লাভ কৰিছে । এই শাড়ী সমূহ মিছিং, বড়ো, নগা আদি ডিজাইনেৰে সমৃদ্ধ ।

4

জোনালী শইকীয়াৰ বিষয়ে মাত্ৰ এটা লিখনিত সকলোখিনি লিখাতো  সম্ভৱপৰ নহয় । তেখেত এগৰাকী Social Entrepreneur । Social Entrepreneurসকলে সমাজৰ উন্নতি সাধনৰ  বাবে ব্যৱসায়ক এক আহিলা হিচাবে ব্যৱহাৰ কৰে । আমি  আপোনালোকক  তেখেতৰ বিষয়ে যৎকিঞ্চিৎ আভাস মাত্ৰ দিয়াৰ হে প্ৰয়াস  কৰিছোঁ । আমি আভাস দিয়াৰ প্ৰয়াস কৰিছোঁ তেখেতৰ সৃজনধৰ্মী ব্যৱসায়িক প্ৰত্যুৎপন্নমতিতা তথা জন্মভূমিৰ প্ৰতি থকা দায়িত্ববোধৰ  । পৰৱৰ্তী লিখনিত “হিয়া “ বিষয়ে কিছু বিস্তৃত ভাবে আপোনালোকক জনাম । উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা সকলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে নিৰৱে কাম কৰি থকা, অসমৰ এই গৰাকী  সুযোগ্য জীয়ৰীলৈ Nefocus.com ৰ তৰফৰ পৰা বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

 লেখক: ধ্ৰুৱ জ্যোতি অৰ্জুনা

 

Leave A Reply

Your email address will not be published.