কৰ্মই ধৰ্ম বুলি এষাৰ কথা আছে। কৰ্ম কৰিলেহে হেনো ধৰ্ম হয়। জীৱনত কিবা এটা লাভ কৰিবলৈ হ’লে একাগ্রতাৰে কৰ্ম কৰি যোৱা। কৰ্মই মানুহৰ জীৱনলৈ কঢ়িয়াই আনে স্ফূৰ্তি, সম্পদ, সন্মান আৰু উন্নতি। কৰ্ম অবিহনে সমাজৰ, দেশৰ আৰু বিশ্বৰ প্ৰগতি অসম্ভৱ। প্ৰগতিৰ শিখৰত আৰোহণ কৰিবলৈ হ’লে মানুহক লাগিব একাগ্ৰতা আৰু কৰ্ম। উল্লেখিত কথাষাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ। যিষাৰ কথা যুগে যুগে সত্য বুলি প্ৰমাণিত হোৱাৰ লগতে মানৱ জীৱনক প্ৰভাম্বিত কৰি আহিছে, আৰু চিৰদিন কৰি থাকিব। আচলতে ক’বলৈ গ’লে গান্ধীজী দূৰদৰ্শী গুণৰ আৰু নীতিৰ দ্বাৰা পৰিচালিত আছিল। যাৰ সুবাদতে সমগ্ৰ জনতাক একগোট কৰি অহিংসাৰ বাণীৰে দেশ স্বাধীন কৰিবলৈ সক্ষম হ’ল। সত্যৰ সাধক, সুন্দৰৰ পূজাৰী গান্ধীজীৰ নীতি আছিল যে একমাত্ৰ শিক্ষাহে মানুহক পশুত্বৰ পৰা ওপৰলৈ তুলি মানৱত্ব দান কৰিব পাৰে। কথাষাৰ খুবেই যুক্তিপূৰ্ণ আৰু অৰ্থপূৰ্ণ। কিয়নো একমাত্ৰ শিক্ষাৰ জৰিয়তেহে জগত জিনিব পাৰি, সমাজ গঢ়িব পাৰি। শিক্ষাবিহীন এজন ব্যক্তি চকু থাকিও অন্ধৰ সমপৰ্য্যায়ৰ বুলি ক’লে ভুল কোৱা নহ’ব। সত্য আৰু প্ৰেমৰ দ্বাৰাহে পৃথিৱী জয় কৰিব পাৰি। জীৱনৰ জটিল ক্ষণত তথা দেশৰ জটিল অৱস্থাত তেখেতে কৈছিল… সাহসী আৰু নিৰ্ভীক হ’বলৈ শিকা, দেশৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিবলৈ প্ৰস্তুত থাকা। এয়া আছিল গান্ধীজী জীৱনৰ কিছু নীতি অথবা বাণী। যিবোৰ নীতিয়ে প্ৰতিজন দেশপ্ৰেমী, সৎ ব্যক্তিক পৰিচালিত কৰি আহিছে। তেখেতৰ আদৰ্শ, বাণী প্ৰতিজন নৱপ্ৰজন্মৰ বাবে মহৌষধীস্বৰূপ। জটিলৰ পৰা জটিলতাক কিদৰে কাবু কৰিব পাৰি দেখুৱাই গৈছিল এক পথ। যি পথেদি গমন কৰিলে পাব পাৰি সাগৰ সম সফলতাৰ শিখৰ। জাতিৰ নায়ক জাতিৰ পিতাৰ জন্মজয়ন্তীত nefocus.com ৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন