শুভ নৱমীৰ তিনিটা শুভ খবৰ

0 262
জাতীয়তা বোধ প্ৰত্যেকজন স্বদেশ প্ৰেমীৰে থাকে। কিন্তু বহুসময়ত সংস্কৃতিৰ ৰক্ষাৰ নামত অপসংস্কৃতিৰ বিষবাস্প বিয়পোৱাৰ বাতৰিহে সংবাদ শীৰ্ষ দখল কৰাৰ পৰিলক্ষিত হয়। এনে সন্ধিক্ষণত পূজাৰ বতৰত পূজাৰ মণ্ডপত জাতীয়তা বোধ পৰিষ্ফুট কৰা প্ৰতিছবিয়ে নকৈ সোঁৱৰাই দিয়ে যে আমি অসমীয়া নহওঁ দুখীয়া।
IMG-20170929-WA0016
হয়, আপ্ত বাক্যশাৰীকেই যেন মান ৰাখিলে, তেজপুৰৰ বাৰোৱাৰী পুজা সমিতিয়ে। মা-দুৰ্গাৰ প্ৰতিমাক জিলিকাই তুলিলে অসমীয়াৰ সাজ পোছাকেৰে। ঠিক সেইদৰে, তেজপুৰৰ তেজপুৰ এক্স পুলিচ লাইনৰ মণ্ডপত দেৱ-দেৱীক দেখা গ’ল নেপালী সাজ-পোছাকত। 
আনহাতে আমালৈ অহা বাতৰি মতে, সুদূৰ মুম্বাইৰ ৱাচিত প্ৰবাসী অসমীয়া সকলে দুৰ্গাপূজাৰ প্ৰতিমা ভাগক সজাই তুলিছে অসমীয়া সাজপাৰে। ৩৩ হাজাৰ টকাৰ ব্যয় সাপেক্ষেৰে অসমৰ পৰা পোছাক সমুহ ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ২০০৬ চনৰ পৰাই মুম্বাইৰ প্ৰবাসী অসমীয়া সকলে এনেদৰে পূজা উদযাপন কৰি আহিছে।
 IMG-20170929-WA0018
এই সৰ্ম্পকে উদযাপন সমিতিৰ হৈ তৰুণ হাজৰিকাই এইদৰে জনাই – সম্পূৰ্ণ অসমীয়া ৰীতি নীতিৰে মহিলা সকলে পূজাত আগ ভাগ লয়। ইয়াৰ সমান্তৰালকৈ “প্ৰবাস জ্যোতি” শীৰ্ষক এখন আলোচনী উলিওৱা হয়। আৰু নৈশ ভাগত মুম্বাইত প্ৰতিষ্ঠিত অথবা উদীয়মান শিল্পী সকলৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আটাইতকৈ জনাই ভাল লগা খবৰটো হ’ল যে পূজা উদযাপনৰ অন্তত ৰাহি হোৱা অৰ্থ একো একোজন অসমৰ কেঞ্চাৰ ৰোগীক  দান কৰা হয়।
IMG-20170929-WA0015
প্ৰিয় পাঠক, একক চিন্তাত পৰিচালিত nefocus.com য়ে সদায় আপোনাক ইতিবাচক তথা ব্যতিক্ৰম ধৰণৰ খবৰ জনোৱাৰ প্ৰয়াস কৰি আহিছে। এনে ধৰণৰ খবৰৰ বাবে লগ অন কৰিবলৈ নাপাহৰিব  www.nefocus.com
Leave A Reply

Your email address will not be published.