সম্পাদনাৰ মেজৰ পৰা

2 221

WhatsApp Image 2017-12-31 at 10.35.28 PM

নতুন বছৰৰ প্ৰথমটো দিনত আপোনাক জনাইছো আন্তৰিক অভিনন্দন। নতুন বৰ্ষটোৱে যেন কঢ়িয়াই আনে সুখ, শান্তি, সমৃদ্ধৰ বতৰা। বছৰটোৰ আৰম্ভণিতে এন আৰ চি খচৰা প্ৰস্তুত হোৱা খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছে। অসম আৰু অসমীয়া জনগণৰ বহুদিনীয়া এটা দাবী পৰিপূৰ্ণ হোৱাৰ পথত। এইখিনিতে মনলৈ অহা অন্যতম প্ৰসংগ হ’ল অসম প্ৰেমী সকলৰ মাজত অসমীয়াগিৰি চেতনা জাগ্ৰত হোৱা বিষয়ে। ই অতিকৈ শুভ লক্ষণ। ২০১৭বৰ্ষৰ দেখা গ’ল জাতীয় বীৰ লাচিত বৰফুকন লৈ ভিডিঅ’ গেম অথবা অসমীয়া স্বভিমানৰ প্ৰতীক গামোচাৰে ছাতি প্ৰস্তুত হোৱা খবৰটোৱে প্ৰতিজন স্বদেশ প্ৰেমীক আলোড়িত কৰি ৰাখিলে। ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা বন্ধ হ’ব লাগে। ৰাজনীতিয়ে বিভাজন ঘটায়। এককথাত প্ৰগতিৰ অন্তৰায় বুলি ক’লে ভুল কোৱা নহ’ব। ৰ্দূনীতিক প্ৰশ্ৰয় দিব নালাগে। ৰ্দুনীতি হোৱা দেখিলে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাব লাগে। প্ৰাকৃতিক পৰিবেশ সংৰক্ষণ তথা সম্পদ সমূহ সংৰক্ষণৰ আমি সকলোৱে অগ্ৰসৰ হ’ব লাগে। বিশেষকৈ বৃক্ষ সংৰক্ষণত ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগে। ভাল কামবোৰ প্ৰশংসা কৰিব লাগে। তেহে ভাল কাম কৰাজন উৎসাহিত হয়। পুনৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিলৈ ইমানতে সামৰিলো। অধিক ইতিবাচক খবৰৰ বাবে চাবলৈ নাপাহৰিব www.nefocus.com 

ধন্যবাদেৰে

সংগীতা শইকীয়া

2 Comments
  1. Nityananda Boro says

    NEFOCUS GREAT

    1. Sangeetasaikia says

      Thankyou

Your email address will not be published.