সামৰণি পৰিল জ্ঞানজ্যোতি আঁচনি ২০১৭ ৰ অনুষ্ঠান

0 288

WhatsApp Image 2017-11-10 at 7.23.09 PM

জ্ঞান তথা শিক্ষাৰ প্ৰয়াসৰ বাবে গ্ৰহণ কৰা জ্ঞানজ্যোতি আঁচনি ২০১৭ সামৰণি অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। সামৰণি অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য কৰে জ্ঞানে মানুহক পোহৰ পথৰ সন্ধান দিয়ে। জ্ঞানে ব্যক্তিত্বক জিলিকাই তোলে। ছাত্ৰ ছাত্ৰী সকলে কঠোৰ পৰিশ্ৰম কৰিলে জীৱনত সফল হ’ব পাৰিব। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্য্যসুচীৰ জৰিয়তে বিভিন্ন ঐতিহাসিক ঠাইৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰী সকলে জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। ছাত্ৰ ছাত্ৰীৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত দীপৰ বিলক পৰ্যটন ক্ষেত্ৰ গঢ় দিয়াৰ প্ৰস্তুতিৰ সম্পৰ্কে অৱগত কৰে, লগতে শিক্ষাৰ লগত খেল ধেমালি সংযোজিত কৰিবলৈ ৫০০ খন খেলপথাৰ নিৰ্মাণ কৰাৰ কথা জানিবলৈ দিয়ে। বিশেষকৈ প্ৰত্যেক স্কুলৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সম অনুপাত অনুযায়ী কৰাৰ ব্যৱস্থাৰ কথা মতপোষণ কৰে।

WhatsApp Image 2017-11-10 at 7.12.00 PM

স্মতৰ্ব্য যে অনুষ্ঠানত স্বচ্ছতাৰ শপত বাক্য (ছাত্ৰ- ছাত্ৰী সকলক) পাঠ কৰায়, চাফ চিকুনতাৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ বাবে নলবাৰী জিলাৰ শ্ৰেষ্ঠ্য পুৰস্কাৰ প্ৰদান কৰে। অনুষ্ঠানত শিক্ষা বিভাগৰ সচিব ৰমেশ চন্দ্ৰ জৈন, সাংসদ বিজয়া চক্ৰৱৰ্তী, মহানগৰ উপাযুক্ত এম অংমমথু, আয়ুক্ত মনালিছা গোস্বামী, বৰ্ণালী শৰ্মা, মেয়ৰ মৃগেন শৰনীয়াকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।

 

Leave A Reply

Your email address will not be published.