স্বাধীনতা দিৱস আৰু কিছু অনুভৱ

13 998

Indian-National-flag-as-whatsapp-dp1

NE Focus ৰ ফালৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ শুভকামনা জনালোঁ। যি সকল দেশপ্ৰেমিক শ্বহীদৰ ত্যাগ আৰু সাহসৰ বিনিময়ত দেশৰ পৰা পৰাধীনতাৰ আচ্ছাদন আতৰিল, সেই সকল বীৰ শ্বহীদক প্ৰনাম যাঁচিছো।

১৯৪৭ চনৰ আজি এই দিনটোতে আমাৰ দেশ স্বাধীন হৈছিল। আমি মুক্ত মনেৰে নিসংকোশে, মুক্ত আকাশৰ তলত আজি এই ঐতিহাসিক দিনটোতেই ভৰি থৈছিলো। সেয়েহে আজি আমি গাব বিচাৰিছো, স্বাধীনতাৰ জয়গান, বিজয়ৰ জয়গান।

ভূমূকি মাৰিব বিচাৰিছো, দেশে স্বাধীনতা পোৱাৰ পিছৰে পৰা কি পালো, কি আছিল এই প্ৰসংগলৈ। কাৰণ NE Focus য়ে কেৱল ভাল খবৰক হে প্ৰকাশ কৰিব। স্বাধীন শব্দৰ পৰাই স্বাধীনতা শব্দটো আহিছে। স্বাধীন শব্দৰ অসমীয়াৰ প্ৰতিশব্দ হ’ল আনৰ অধীন নোহোৱা অৰ্থাৎ নিজৰ ওপৰত সমস্ত অধিকাৰ থকা। আমাৰ দেশখনত যেতিয়া বৃট্ৰিছ অৰ্থাৎ বগা বঙালে শাসন কৰিছিল, আমাৰ ভাৰতীয় গঢ়ৰ মানুহখিনিক নীচ জ্ঞান কৰিছিল আনকি মহামানৱ মহত্মা গান্ধীও ৰেল ভ্ৰমণৰ সময়চোয়াত বগা বঙাল অতিশয্যাৰ বলি হ’ব লগা হৈছিল। এই কথা আমি সকলোৱে কম বেছিপৰিমাণে জ্ঞাত। আনহাতে আমাৰ অসমৰ দেশ প্ৰেমিক তৰুণ ৰাম ফুকনো শৰীৰৰ ৰঙক লৈ বৈৰ্ষম্যতাৰ চিকাৰ হৈছিল। তেঁও ইয়াৰ পৰা ৰেহাই পোৱা নাছিল। এই বিষয়ে জানিব বিচৰাত তৰুণ ৰাম ফুকনৰ নাতি ড০ হেমেন্দ্ৰ ৰাম ফুকনে NE Focus ক এনেদৰে ব্যক্ত কৰিছিল …. এবাৰ Lower Assam Commissioner এজনে টেলিগ্ৰাম দিবলৈ পান বজাৰ টেলিগ্ৰাম অফিচত আহিছিল, ঠিক তাৰ পূৰ্বে তৰুণ ৰাম ফুকনে ও এখন টেলিগ্ৰাম দিবলৈ টেলিগ্ৰাম অফিচত লাইনত ৰৈ আছিল। তৰুণ ৰাম ফুকনে যেতিয়া টেলিগ্ৰাম খন দিবলৈ হাতখন ভিতৰলৈ ভৰাইছিল, ঠিক সেইসময়তে, কমিচনাৰ জনে বৰ্ণ বৈষম্যমূলক ভাব দেখুৱাই জোৰ কৰি হাত খন উলিয়াবলৈ চেষ্টা কৰিছিল যদিও সাহসী, বিচক্ষণ তৰুণ ৰাম ফুকনে তেনে হ’বলৈ নিদিলে, কমিচনাৰ জনৰ লগতে একেলগে হাতখন ভৰাই টেলিগ্ৰাম দিয়া আমোদজনক প্ৰসংগই প্ৰমান কৰে বৃট্ৰিছ বৰ্ণ বৈষম্যমূলক আচৰণৰ কথা, আমাৰ পৰাধীনতাৰ কথা।

images[2]

গোপীনাথ বৰদলৈ, নবীন বৰদলৈ, কুশল কোৱঁৰ, পিয়লি ফুকন, কনকলতা বৰুৱা আৰু বহুজন অমৰ শ্বহীদৰ ত্যাগ আত্মবলিদানৰ কথা সকলোৱে জানো। শেহতীয়া কৈ কুশল কোৱঁৰৰ বাসভৱন সংৰক্ষণ আৰু কনকলতা বৰুৱা বিষয়ে পাঠ্যপুথিত সন্নিবিষ্ট কৰাৰ প্ৰসংগই সচেতন নাগৰিকক আনন্দিত কৰি তুলিছে। এই প্ৰসংগতে গানেৰে দেশ প্ৰেমৰ বাৰ্তা বিলোৱা ৰূপকোৱঁৰ জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ঞু প্ৰসাদ ৰাভা, ভুপেন হাজৰিকাৰ কথা উল্লেখ কৰিব পাৰি। অনিচ্ছাকৃতভাবে বহু দেশ প্ৰমিক, বীৰ যোদ্ধাৰ নাম সন্নিবিষ্ট কৰিব নোৱাৰাৰ বাবে ক্ষমা বিচাৰিছো।

C__Data_Users_DefApps_AppData_INTERNETEXPLORER_Temp_Saved Images_images(2)

স্বাধীনতাৰ পিচত অসমীয়া হস্ততাত শিল্পলৈ যুগন্তুকাৰী পৰিবৰ্তন আহিল। অসমীয়া শিপিনীয়ে বিভিন্ন ডিজাইন, ৰং সন্নিবিষ্ট কৰি স্বদেশৰ লগতে বিদেশটো বজাৰ দখল কৰিবলৈ সক্ষম হ’ল। প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণে শিক্ষা, কৃষি, স্বাস্থ্যলৈ বহুখিনি পৰিৰ্বতন আনিছে আৰু বহুখিনি আনিবলৈ বাকী আছে। আমাৰ মাজৰ পৰা এতিয়াও বহুতো সমস্যাৰ দুৰ হোৱা নাই, যিদৰে বানপানীৰ সমস্যা,সন্ত্ৰাষবাদীৰ সমস্যা, অথবা অনুপ্ৰবেশকাৰী সমস্যাৰ সমাধান হোৱা নাই ঠিক সেইদৰে নিবনুৱা এক সমস্যা হিচাপে থিয় দি আছে। ভাষায়ে এতিয়াও প্ৰকৃত মৰ্য্যাদা পোৱা নাই। ই অতিকে দুখৰ কথা। আমি প্ৰত্যেকে নিজৰ ভাষা, জাতি ভালপাব লাগে, নিজৰ জাতিৰ উত্তৰণ অৰ্থে পাৰ্যমানে প্ৰচেষ্টা চলাব লাগে। তেহে বিশ্বত এক সুকিয়া পৰিচয় দাঙি ধৰিব পাৰিম। পুনৰ স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনাইছো।

জয় হিন্দ

13 Comments
  1. Sudip Sharma Chowdhury says

    Its good beganing

    1. admin says

      Thank you

  2. Sikdar zaman says

    Great…..all d best

  3. তপন কাকতি says

    বন্দে মাতৰম

  4. ABUL KAYUM ALAMIN says

    Best of luck

  5. Ruhon Mazumder says

    Good… Best of luck

  6. Babita Bhagawati says

    পঢ়ি ভাল লাগিল৷ আগলৈও এনেদৰে প্ৰাসঙ্গিক বিষয়ৰ লিখা পাম বুলি আশা কৰিলোঁ৷

    1. admin says

      নিশ্চয়কে…… ধন্যবাদ

  7. ইয়ানুছ আলী says

    খুব ভাল লাগিল পঢ়ি ।

    1. admin says

      ধন্যবাদ

  8. Babdhan Ali says

    খুব ধুনীয়া লিখনি।

    1. admin says

      ধন্যবাদ

  9. স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ মোৰ শ্ৰদ্ধাৰ তথা প্ৰিয় বীৰ জোৱান আৰু বন্ধু বান্ধৱ সকলোলৈ পবিত্ৰ স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

Your email address will not be published.