এছ এছ বিৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ নতুন আই জিৰ কাৰ্যভাৰ গ্ৰহণ

0 208

ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অধীন এছ এছ বি  খানাপাৰাস্থিত গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহাপৰিদৰ্শক আই জি  হিচাপে নিযুক্তি লাভ কৰা সঞ্জীৱ শৰ্মাই পহিলা নৱেম্বৰত কাৰ্যভাৰ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ১৯৮৯ বেটছৰ এছ এছ বি কেডাৰৰ বিষয়া সঞ্জীৱ শৰ্মাই যোৱা ২৪ জুনত বাহিনীটোৰ নতুন দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা উপ মহাপৰিদৰ্শক ( ডি আই জি ) হিচাপে গুৱাহাটী ফ্ৰণ্টিয়াৰত যোগদান কৰিছিল।
 
আনহাতে আই জি লৈ পদোন্নতি লাভ কৰা সঞ্জীৱ শৰ্ম্মাই বিগত ৩১ বছৰীয়া কৰ্মজীৱনত বিভিন্ন দায়িত্ব সুখ্যাতিৰে পালন কৰাৰ উপৰি ১৯৯৯- ২০০০ আৰু ২০০৫-২০০৬ চনত কচভো আৰু চুইদানত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ ‘ অপাৰেচন কমাণ্ডাৰৰ দ্বায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছিল। ইয়াৰ উপৰিও কৃতিত্বপূৰ্ণ সেৱাৰ বাবে ২০১০ চনত তেওঁ ভাৰতীয় আৰক্ষী পদক আৰু ২০১৮ চনত ৰাষ্ট্ৰপতিৰ পৰা পদক লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.