ভাৰত পৰ্যটনৰ উদ্যোগত এন ই ফ’কাচ ডট কমৰ সহযোগত সজাগতামূলক সভা অনুষ্ঠিত

0 315

ভাৰত পৰ্যটনৰ উদ্যোগত এন ই ফ’কাচ ডট কমৰ সহযোগত কালি মাটাইখাৰ বিষ্ণুজ্যোতি পুথিভঁৰালৰ প্ৰাংগনত এক জনসজাগত মূলক সভা অনুষ্ঠিত হয়। ৰংমন টুৰিজিম চ’চাইটিৰ সহযোগিতা অনুষ্ঠিত হোৱা সভাখন আঁত ধৰে দর্শনা বৰুৱাই। সভাত মাটাইখাৰক কিদৰে পৰ্যটনস্থলী হিচাপে গঢ় দিব পাৰি, সেই সম্পৰ্কে সমল ব্যক্তি সকলে মন্তব্য ৰাখে।
সভাত উপস্থিত থাকি এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই কয় যে এন ই ফ’কাচ ডট কমে উত্তৰ পূৱৰ বিভিন্ন সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলী সমূহক চিনাক্ত কৰি জনসাধাৰণৰ মাজলৈ যোৱাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে।ইয়াৰে অংশস্বৰূপে এই কাৰ্য্যসূচী ৰূপায়ন কৰিছে।
অনুষ্ঠানত চেণ্টাৰ ফৰ টুৰিজিম ষ্টাডিজ প্ৰতিষ্ঠানৰ চন্দন নাথে গ্ৰাম্য পৰ্যটন ক্ষেত্ৰসমূহ বাণিজ্যকৰণৰ সম্পৰ্কে আলোকপাত কৰে।লগতে উপস্থিত থাকে পৰ্যটন মেনেজমেণ্টৰ প্ৰবক্তা সুৰভি নেওগ আৰু ভাৰত পৰ্যটনৰ প্ৰতিনিধি।সভাত ৰংমন টুৰিজিম চ’চাইটিৰ বিভিন্ন বিষয়ববীয়াই বক্তব্য ৰাখে।উল্লেখযোগ্য যে ভাৰত পৰ্যটন গুৱাহাটীয়ে অসমৰ বিভিন্ন ঠাইত সজাগতামূলক কাৰ্য্যসূচী অনুষ্ঠিত কৰি আহিছে। মাটাইখাৰত থকা কমলা বাগান,জলপ্ৰপাত আদি পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী।

Leave A Reply

Your email address will not be published.