কলাক্ষেত্ৰত ১৫৭ সংখ্যক মৌ মেল আয়োজন

0 229

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে শিশু-চেমনীয়াৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি মাহৰ শেষৰ দেওবাৰে মৌ-মেল অনুষ্ঠিত কৰি আহিছে । কৰণা মহামাৰীৰ বাবে সাময়িক ভাৱে বন্ধ আছিল যদিও পুনৰ ক’ভিড নিয়ম সমূহ পালন কৰি মৌ-মেল অনুষ্ঠিত কৰিবলৈ লৈছে। সেই অনুসৰি ১৫৭ সংখ্যক মৌ-মেলখন অহা ৩১ জানুৱাৰীৰ দিনৰ ২ বজাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে কলাক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত কৰা হ’ব।
এইবাৰৰ মেলত প্ৰাক প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ চাৰিটা শাখাত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।লগতে সুপ্ত প্ৰতিভা বিকাশৰ বাবে শিশু চেমনীয়াৰ গীত-মাতৰ এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব।শিশু চেমনীয়া সকলে মৌ-মেলত অংশগ্ৰহণ কৰিবৰ বাবে কোনো ভৰ্তি মাচুল দিব নালাগে অথবা প্ৰৱেশ পত্ৰও সংগ্ৰহ কৰিব নালাগে আৰু ছবি অঁকাৰ কাগজ কলাক্ষেত্ৰ সমাজে যোগান ধৰিব বুলি মৌ মেলৰ পৰিচালক,জ্যেষ্ঠ চিত্ৰশিল্পী মধুসুদন দাসে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে।

Leave A Reply

Your email address will not be published.