কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জলচৰ পক্ষী গণনা আৰম্ভ

0 258

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা এদিনীয়াকৈ জলচৰ পক্ষী গণনাৰ কাম আৰম্ভ হৈছে ৷ উদ্যানখনৰ লগতে নগাঁও আৰু বিশ্বনাথ বন সংমণ্ডলক সামৰি ৩৫ টা খণ্ডত চলিছে এই জলচৰ পক্ষী গণনা কাৰ্য ৷ ইয়াৰে অগৰাতলী বনাঞ্চলৰ ১০ টা খণ্ডত, কহঁৰা আৰু বাগৰি বনাঞ্চলৰ চাৰিটাকৈ খণ্ডত, বূঢ়াপাহাৰ বনাঞ্চলৰ দুটা খণ্ডত, বিশ্বনাথ আৰু নগাঁৱৰ বূঢ়াচাপৰিৰ ১৫ টা খণ্ডত জলচৰ পক্ষী গণনাৰ কাম আৰম্ভ হৈছে ৷ এই গণনা কাৰ্যত বন বিভাগৰ বিষয়া-কৰ্মচাৰী, স্বেচ্ছাসেৱী সংগঠনৰ এশৰো অধিক গণনাকাৰী নিয়োজিত হৈ আছে ৷ শনিবাৰে গণনাৰ অন্তত পুনৰীক্ষণ আৰু পৰ্যালোচনাৰ অন্তত চূড়ান্ত ফলাফল দেওবাৰে বিয়লি ঘোষণা কৰিব বুলি জানিবলৈ দিছে উদ্যানখনৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷ ২০১৮-১৯ বৰ্ষত কাজিৰঙাত জলচৰ পক্ষী গণনাত ১১,৫০০ টা আৰু ২০১৯-২০ বৰ্ষত ১৯,২২৫ টা পক্ষী পোৱা গৈছিল ৷ দুটা বৰ্ষৰ তুলনাত এই বৰ্ষত জলচৰ পক্ষীৰ সংখ্যা বঢ়াৰ সম্ভাৱনা আছে ৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই৷

Leave A Reply

Your email address will not be published.