ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মাজত উড়ান আঁচনিৰ অধীনত বায়ু যাতায়ত ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে।এই পদক্ষেপৰ অংশ হিচাপে শনিবাৰৰ পৰা গুৱাহাটী-ডিমাপুৰ-ইম্ফলৰ মাজত এলায়েঞ্চ এয়াৰৰ বিমান সেৱা আৰম্ভ কৰা হৈছে।শনিবাৰে ডিমাপুৰ বিমান বন্দৰত এই বিমান সেৱা উদ্বোধন কৰে নাগালেণ্ড চৰকাৰৰ পৰিবহন আৰু অসামৰিক মন্ত্ৰী পাইৱাং কন্যাকে।অনুষ্ঠানত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৱ মণ্ডলৰ মহাপ্ৰৱন্ধক কৌশল কুমাৰ,ডিমাপুৰ বিমান বন্দৰৰ সঞ্চালক এম জিম্বো,এলায়েঞ্চ এয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে।উল্লেখ্য সপ্তাহত তিনিদিন ক্ৰমে বুধবাৰ,শুকুৰবাৰ আৰু দেওবাৰে চলাচল কৰিবলগীয়া ৭০ খন আসনযুক্ত এলায়েঞ্চ এয়াৰৰ বিমানখন তিনিদিনতে পুৱা ৮ বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ পৰা ডিমাপুৰলৈ যাত্ৰা কৰিব আৰু ৮.৫৫ বজাত গৈ ডিমাপুৰ পাব।তেনেদৰে ডিমাপুৰৰ পৰা পুৱা ৯.২০ বজাত ইম্ফললৈ যাত্ৰা কৰিব আৰু ১০.১০ বজাত গৈ ইম্ফল পাব।তেনেদৰে ইম্ফলৰ পৰা ১০.৩৫ বজাত যাত্ৰা কৰা বিমানখন আহি ১১.২৫ বজাত আহি ডিমাপুৰ পাব আৰু ডিমাপুৰৰ পৰা ১১.৫০ বজাত গুৱাহাটী অভিমুখে যাত্ৰা কৰি দুপৰীয়া ১২.৪৫ বজাত আহি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিব।বিমান ভাড়া ১৮০০ টকাৰ পৰা ১৯০০ টকাৰ ভিতৰত হ’ব বুলি এলায়েঞ্চ এয়াৰৰ বিষয়াই জানিবলৈ দিয়ে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান