চলা সংৰক্ষিত বনাঞ্চল সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ সচেতন ৰাইজৰ

0 268

চৰাইদেউ জিলাৰ বনাঞ্চল সমূহৰ ভিতৰত অন্যতম এখন হ’ল চলা সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চল খনৰ বন ধ্বংস কাৰ্য ৰোধ কৰিবলৈ কাষৰীয়া অঞ্চলৰ ৰাইজে কিছু বছৰৰ পৰা ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে।
 
সংৰক্ষিত বনাঞ্চল খনক চলা গ্ৰাম্য অভয়াৰণ্য হিচাপে ঘোষণা কৰি গাওঁবাসীয়ে ইয়াত গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰাৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰি অহাৰ খবৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।
 
চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটি নামেৰে এখন সমিতি গঠন কৰি বনাঞ্চলখনক সুৰক্ষাৰ বাবে স্থানীয় লোকসকল ওলাই অহা কাৰ্য ইতিমধ্যে প্ৰশংসিত হৈছে। কেৱল সেয়াই নহয় শেহতীয়াকৈ সোণাৰিৰ নাফুকস্থিত বনাঞ্চলিক বিষয়াৰ অনুমোদন সাপেক্ষে চলা সংৰক্ষিত বনাঞ্চলখনত নিশা পহৰা দিয়াৰো স্থানীয় লোকে ব্যৱস্থা কৰিছে। স্থানীয় যুৱকসকলক লৈ একোটা দল গঠন কৰি চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিৰ সহযোগত ইতিমধ্যে পহৰা দিয়া আৰম্ভ কৰা হৈছে যাতে বনাঞ্চল খনৰ পৰা নিশা কোনো দুষ্কৃতিকাৰীয়ে কাঠৰ সৰবৰাহ কৰিব নোৱাৰে। চলা সংৰক্ষিত বনাঞ্চল সংৰক্ষণৰ বাবে চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিয়ে গ্ৰহণ কৰা এই পদক্ষেপ এতিয়া জিলাখনত প্ৰশংসা লাভ কৰিছে।
 
ইফালে চলা ভিলেজ চেনছুৱেৰী কনজাৰভেছন চ’ছাইটিয়ে আজি দ্বিতীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে সজাগতামূলক চাইক্লিং, জাংগল ট্ৰেকিং অনুষ্ঠিত কৰা লগতে এখন সজাগতা সভা অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বহুকেইজন প্ৰকৃতিপ্ৰেমীৰ লগতে প্ৰাকৃতিক পৰ্যটনৰ লগত জড়িত কাজিৰঙাৰ বিতুপন কলঙো উপস্থিত থাকে।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.