চানডুবিকে ধৰি অঞ্চলটোৰ কেবাটাও জলপ্ৰপাত উন্নীতকৰণৰ তৎপৰতা শ্ৰীশ্ৰী সত্য সাই সেৱা সমিতি আৰু ৰংমন ট্যুৰিজিম ছ’চাইটিৰ

0 303

গুৱাহাটী মহানগৰীৰ পৰা মাত্ৰ ৬০ কিঃমিঃ নিলগৰ অসম মেঘালয় সীমান্তত অৱস্থিত চানডুবি বিল আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ নান্দনিক প্ৰাকৃতিক সৌন্দৰ্যই যিকোনো লোককে বাৰুকৈয়ে আকৰ্ষণ কৰি আহিছে। ইফালে বিগত তিনি, চাৰি বছৰত অসম চৰকাৰৰ বিশেষ তৎপৰতাত চানডুবিৰ কাষৰীয়া অঞ্চলৰ মেঘালয় সীমান্ত সংযোগী বাট পথ সমূহ উন্নত হোৱাত যাতায়ত ব্যৱস্থা সুচল হৈ পৰিছে।
 
 
 
ফলত পৰ্যটকৰ লগতে আন লোকৰো আগমন হৈছে । অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ ফালৰ পৰাও শেহতীয়াভাৱে চানডুবিকে ধৰি কাষৰীয়া অঞ্চলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীত কৰণৰ বাবে তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে।
 
 
আনকি কিছুদিন পূৰ্বে চানডুবিত অনুষ্ঠিত হোৱা বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচীত ভাগ লৈ অসমৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু এ টি ডি চি ৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱাই ‘ ভোকেল ফৰ লোকেল’ আঁচনিৰ আধাৰত স্থানীয় পৰ্যটকক চানডুবিলৈ আহিবলৈ আহ্বান জনাইছে। ইতিমধ্যে নিখিল ৰাভা ছাত্ৰ সন্থাৰ বৰদুৱাৰ,ভোলাগাঁও সমিতিয়েও পৰ্যটকক মুকলি মনৰে চানডুবিকে ধৰি কাষৰীয়া অঞ্চল ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছে। তেনেদৰে চানডুবিৰ পৰ্যটনৰ ক্ষেত্ৰখনৰ উন্নয়নৰ হকে কাম কৰি অহা ‘ৰংমন ট্যুৰিজিম ছ’চাইটি’য়েও এই ক্ষেত্ৰত সহযোগিতাৰ হাত আগবঢ়াইছে। আনকি কিছুমান পূৰ্বে চ’চাইটিৰ আহ্বান মৰ্মে চানডুবি আৰু কাষৰীয়া অঞ্চল ভ্ৰমণ কৰিছিল শ্ৰীশ্ৰী সত্য সাই সেৱা সমিতি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে। সংগঠনটোৰ সভাপতি অধিবক্তা সত্যেন শৰ্ম্মাৰ নেতৃত্বত এটা দলে কিছুদিন পূৰ্বে ৰংমন ট্যুৰিজিম ছচাইটিৰ কৰ্মকর্তা প্ৰমোদ কলিতা, কল্যাণ ৰাভা, চাৰ্জন ৰাভা, উৎপল ৰাভা, প্ৰাণেশ্বৰ ৰাভাৰ সৈতে চানডুবি অঞ্চলটো ভ্ৰমণ কৰিছিল। ভ্ৰমণ কালত দলটোৱে চানডুবিত নৌকাবিহাৰ কৰি অঞ্চলটোৰ বাসিন্দা সকলৰ সৈতে মত বিনিময় কৰে।
 
তেনেদৰে দলটোৱে মেঘালয় সীমান্তৰ ৰাণীখামাৰ আৰু কাফানডবাৰ পৰা দক্ষিণ কামৰূপৰ, ছয়গাঁও আৰু কুকুৰমাৰৰ মাজেৰে বৈ যোৱা কলহী নদীৰ উৎপত্তিস্থল, উকিযাম নদীৰ উৎপত্তিস্থল দ্ৰোণ, শ্ৰী আৰু ঘনা পৰিদৰ্শন কৰে। ইয়াৰ উপৰি দলটোৱে বাৰেগাঁও, ৰাণীখামাৰ আদিত থকা কেবাটাও জলপ্ৰপাত চাই তাৰ নান্দনিক দৌন্দৰ্যত অভিভূত হৈ পৰে। যাৰবাবে শ্ৰী শ্ৰী সত্য সাই সেৱা সমিতিয়ে পৰ্যটন বিভাগ আৰু এ.টি.ডি.চিক চানডুবিকে ধৰি কাষৰীয়া অঞ্চলটোক এক টুৰিষ্ট হাবলৈ ৰূপান্তৰিত কৰিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে ইতিমধ্যে পৰ্যটনৰ লগত জড়িত কেবাটাও সংগঠনে তাত ‘হোম ষ্টে হোম’ অৰ্থাৎ ঘৰুৱা পৰিবেশত পৰ্যটকক আতিথ্য দি ৰখাৰ ব্যৱস্থা কৰিছে । ইয়াৰ উপৰিও পৰ্যটন বিভাগে চানডুবিত নিজা অতিথিশালা নিৰ্মাণ কৰিছে।
 
 

Leave A Reply

Your email address will not be published.