তামোল ঢকুৱাৰে পৰিচয় পোৱা মহিলাগৰাকী

4 414

এগৰাকী ন বোৱাৰীৰ এখন ঘৰ পৰিচালনা কৰাতো যিমান কষ্টকৰ, তাতোতকৈ অধিক কষ্টকৰ, সংকীৰ্ণ সমাজ ব্যবস্থাৰ প্ৰাচীৰ আৰু আৰ্থিক দুৰ্বলতা নেওচি সমাজৰ কামৰ বাবে ওলাই অহাতো। আজি এনে গৰাকী মহিলাৰ বিষয়ে জনাবলৈ লৈছো, যি গৰাকী মহিলাই ক্ষুদ্ৰ উদ্যেগ স্থাপনত সহায়ৰ হাত আগবঢ়াইছিল, সমাজলৈ এক জাগৰণ আনিছিল ।
 
IMG-20160820-WA0002

তেখেত ডালিমী পাটগিৰি । ঘৰ বাক্ছা জিলাৰ ভালাগুৰিত । সহজলভ্য তামোলৰ ঢকুৱাৰে এক ক্ষুদ্ৰ উদ্যেগ গঠন কৰাত সহযোগিতা আগবঢ়াইছিল। পাটগিৰিয়ে কি দৰে সহযোগিতা আগবঢ়াইছিল এই কথা সঠিভাবে জানিবলৈ হ’লে আমি উভতি যাব লাগিব, আজিৰ পৰা কিছু বছৰ আগলৈ।

 
২০০৪-০৫ চন মানৰ কথা । ডালিমী পাটগিৰি নামৰ সমাজসেৱী মহিলা গৰাকীৰ প্ৰচেষ্টাত তেঁওৰ নিজৰ গাঁৱতে সংমিশ্ৰিত আত্ম সহায়ক গোট গঠন হৈছিল। সেই আত্ম সহায়ক গোটৰ উদ্দেশ্য আছিল, মহিলা সকলৰ আৰ্থিক দিশত স্বাৱলম্বী কৰি তোলা আৰু নিজৰ অধিকাৰৰ প্ৰতি সজাগ সচেতন কৰি তোলা । প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বৰপেটাৰ অৰিন্দম দাস গুপ্তা আৰু মানবেন্দ্ৰ পাঠক নামৰ ব্যক্তি দুজন কৰ্মসুত্ৰে “তামিলনাডুত” আছিল। তেঁওলোকে তামিলনাডুত তামোল ঢকুৱাৰে প্লেট, বাতি প্ৰস্তুত কৰা দেখিছিল। আৰু অভিজ্ঞ ব্যক্তিৰ পৰা সবিশেষ শিকি লৈছিল| কিছু দিনৰ পিচত অসমলৈ আহি ধৃতি নামৰ স্বেচ্চাসেৱী সংগঠনৰ সহযোগত ডালিমী পাটগিৰিকে আদি কৰি প্ৰায় ২২ জন ব্যক্তিক তামিলনাডুৰ চালেমত তামোল প্লেট কি দৰে বনাব পাৰি তাৰ প্ৰশিক্ষণৰ বাবে নিয়ে। মাত্ৰ ১৫ দিন প্ৰশিক্ষণ গ্ৰহণ কৰি পাটগিৰিয়ে তামোল প্লেটৰ ব্যৱসায় আৰম্ভ কৰে।
 
IMG-20160820-WA0001
 
প্ৰাৰম্ভিক অৱস্থাত পাটগিৰিয়ে কি দৰে তামোলৰ ঢকুৱাৰে প্লেট প্ৰস্তুত কৰা ব্যৱসায় আৰম্ভ কৰিছিল, সেই সম্পৰ্কে NE Focus ক এনে দৰে কয়- তামোল অসমীয়া জনজীৱনৰ এক অবিচ্ছেদ্য অংগ । অসমৰ প্ৰতি ঘৰ মানুহৰ বাৰীত তামোল গছ থাকেই । কিন্তু তামোলৰ ঢকুৱাৰ প্ৰায়েই কোনো ব্যৱহাৰ নহয়। এনে পৰি ৰয় । তামোলৰ ঢকুৱা সংগ্ৰহৰ বাবে মই প্ৰথমে গাঁওৰ ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিছিলো। যেতিয়া তামোলৰ ঢকুৱা যথেষ্ট সংগ্ৰহ হৈছিল, ঠেলা গাড়ীত ঢকুৱা সমুহ লৈ অকলেই আনিছিলো। এই ক্ষেত্ৰত গৃহস্থৰ পৰা সহায় পাইছিলো । অৱশ্যে Khadi Village Industries Commission (KVIC) ৰ পৰা ৭৫০০০ হাজাৰ টকা লোন লৈ ২ টা মেচিন ঘৰতে স্থাপন কৰো । প্ৰথম অৱস্থাত ব্যৱসায়ত সিমান লাভ হোৱা নাছিল যদিও পিছলৈ আমাৰ ব্যৱসায়ে বজাৰ দখল কৰিবলৈ সক্ষম হ’ল। সম্প্ৰতি পাটগিৰি শাৰিৰীক কাৰণবশত ব্যৱসায়ৰ লগত জড়িত নহয় যদিও ধৃতি NGO য়ে এই ব্যৱসায় চলাই আছে।
 
উল্লেখযোগ্য যে ডালিমী পাটগিৰি উদ্যমশীলতাত মুগ্ধ হৈ NABARD য়ে আন্তৰ্জাতিক নাৰী দিৱসত সন্মান জনাইছিল । ডালিমী পাটগিৰি য়ে হাজাৰ গৰাকী ডালিমী পাটগিৰিক পথ প্ৰদৰ্শন কৰিব বিচাৰে যাতে সকলো মহিলা আৰ্থিক ভাবে স্বাৱলম্বী হ’ব পাৰে । পাটগিৰিৰ মহৎ উদ্দেশ্য সফল হওক তাৰেই কামনা কৰিলো ।
 

4 Comments
  1. sumi patgiri says

    gaor mohila hoio je nijok protistha korar logote aaan mohila ru xomaj khonor unnoyonor karone aaagbarhise…ei udahorone enekua hazar joni dalimi patgiri olai aahok ru aami xokoloe axom khonok unnotir potholoi loi jaao……

  2. Bhupesh Patgiri says

    An eke ag bahri jaok..nari xamaj..dhanyabad baideu…anakua dharanor prasaror karane..akha rakhilu..aru ankua manuhok apuni xamajor agot dangi dharak vabiswataloi..

  3. Bhupesh Patgiri says

    Aneke ag bahri jaok..nari xamaj..dhanyabad baideu…anakua dharanor prasaror karane..akha rakhilu..aru ankua manuhok apuni xamajor agot dangi dharak vabiswataloi..

  4. নিৰু দত্ত says

    পেলনীয়া সামগ্ৰীৰে উপযোগী আচবাব প্ৰস্তুত কৰা কলা আৰু কলাকাৰ উভয়কে নমস্কাৰ

Leave A Reply

Your email address will not be published.