দৰঙৰ গ্ৰামাঞ্চলৰ প্ৰতিভাধৰে নীটত আজুৰিলে খ্যাতি

0 201

ক’ভিড-১৯ ৰ দুৰ্যোগৰ সময়তে অহা শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক ক্ষণত দৰং জিলাৰ অতি দুৰ্গম অঞ্চলৰ আৰু দুখীয়া পৰিয়ালৰ এটি সন্তানৰ সাফল্যৰ আনন্দৰ বতৰা কঢিয়াই আনিছে৷ জিলাখনৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুৰুৱা অঞ্চলৰ এক নম্বৰ শুক্তাগুৰি গাঁৱৰ সন্তান অমন প্ৰধানে দাৰিদ্ৰকো প্ৰতিহত কৰি সৰ্বভাৰতীয় পৰ্যায়ৰ অলপতে ঘোষিত ” নীট” পৰীক্ষাত ৪৬২ নম্বৰ সহ উজ্বলি উঠিছে৷
 
গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ কৰ্মচাৰী জগত প্ৰধানৰ সন্তান অমনে উচ্চতৰ মাধ্যমিকত ৮৫.৫০ শতাংশ নম্বৰেৰে বাইহাটা চাৰিআলিৰ এখন শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হৈছিল ৷ ইয়াৰ মাজতে ২০১৮ ত মাতৃহাৰা হৈছিল আমন ৷
প্ৰতিভাধৰ গৰাকীৰ এই সফলতাৰ বতৰা পোৱাৰ লগে লগে দৰঙৰ উপায়ুক্ত দিলীপ কুমাৰ বৰা আৰু আৰক্ষী অধীক্ষক অমৃত ভূঞাই আজি মঙলদৈত আৰ্থিক অনুদান, ফুলাম গামোছাসহ পুত্ৰ-পিতাক উষ্ম অভিনন্দন জ্ঞাপন কৰে৷
 
উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক দুয়োগৰাকীয়ে অমনৰ পৰৱৰ্তী চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণত পাৰ্যমানে সহযোগ কৰিব বুলি উৎসাহ প্ৰদান কৰে ৷ এই অভিনন্দন অনুষ্ঠানত যুৱনেতা ভাৰ্গৱ কুমাৰ দাস, হেমন্ত কুমাৰ বৰুৱাইয়ো অমনৰ সহযাত্ৰীৰূপে অংশগ্ৰহণ কৰে ৷
 

Leave A Reply

Your email address will not be published.