ফুলদানিৰ ব্যৱসায়েৰে আগবাঢ়িছে ভাস্কৰে

0 380

কথাতে কয় কোনো সৃষ্টিশীল কামৰ গুৰিতে একো একোজন সৃষ্টিশীল ব্যক্তি থাকে। আচলতে ক’বলৈ গ’লে সৃষ্টিশীল মনৰ গৰাকীৰ হাতৰ পৰশত ৰ্নিজীৱ বস্তুৱে প্ৰাণ পাই উঠে। কথাষাৰ মিছা নহয়।

গোলাঘাট মেৰাপানীৰ এজন কিশোৰে বাঁহৰে ফুলদানি নিৰ্মাণ কৰিছে। ভাস্কৰ জ্যোতি শইকীয়া নামৰ কিশোৰজনৰ হাতৰ পৰশত বাঁহৰ ফুলদানি নিৰ্মাণ হৈছে। অতিশয় দৰিদ্ৰ পৰিয়ালৰ কিশোৰজনে বিশেষ কোনো প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈ সামান্য সঁজুলিৰ সহায়ত বহুতো বাঁহৰ ফুলদানি বনাইছে। সম্প্ৰতি নৱম শ্ৰেণী অধ্যয়নৰত ভাস্কৰে জীৱন জীৱিকাৰ সম্পৰ্কে এনেদৰে কয় – আমাৰ ঘৰুৱা অৱস্থা শোচনীয়। দেউতা অসুখীয়া। সেয়েহে মই কামত লাগো।

ইয়াৰ পৰা যি পইছা আহে, তাৰেই পঢ়াৰ লগতে ঘৰখনো কষ্টৰে চলাও। উল্লেখযোগ্য যে ভাস্কৰে নিৰ্মাণ কৰা একোটা ফুলদানিৰ মূল্য ৩৫০ টকা। কোনো ব্যক্তি বিশেষ অথবা সংস্থাই যদি সহায় কৰে ভাস্কৰে প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আগ্ৰহী। ইতিমধ্যে ভাস্কৰৰ সহায়ৰ বাব nefocus.com আগবাঢ়ি আহিছে।আপোনালোকে যদি ভাস্কৰক সহায় কৰিব বিচাৰে nefocus.com লৈ মেইল কৰিব পাৰে অথবা প্ৰত্যক্ষভাৱে ৯৩৬৫০০৩২০৬ নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰ email id – nefocus5@gmail.com.

Leave A Reply

Your email address will not be published.