ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ উদ্যোগত ২৫ নৱেম্বৰৰ পৰা উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ বিমান বন্দৰত পাঁচদিনীয়া কাৰ্য্যসূচী আৰম্ভ হৈছে বিমান পৰিবহন সুৰক্ষা সপ্তাহ। এই উপলক্ষে কালি বিয়লি বৰঝাৰস্থিত উত্তৰ পূৱ মণ্ডলৰ কাৰ্যালয় ড০ ভূপেন হাজৰিকা বাসগৃহত আয়োজিত এক সংবাদ মেলত প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্য্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে বিমান পৰিবহন সুৰক্ষা সপ্তাহ পালনৰ তাৎপৰ্য ব্যাখ্যা কৰে। ইয়াৰ উপৰিও সঞ্জীৱ জিন্দালে এল চি ডি প্ৰজেক্টৰৰ সহায়ত বিমান এখন ৰানৱেত উৰামৰাৰ পৰা আৰম্ভ কৰি অৱতৰণ কৰালৈকে বিমানখনৰ পাইলটৈ বিমান বন্দৰৰ এয়াৰ ট্ৰফিক কণ্ট্ৰলৰ কৰ্মীসকলে পালন কৰিবলগীয়া নিয়ম সম্পৰ্কে বহলাই উল্লেখ কৰে। সংবাদ মেলত প্ৰাধিকৰণৰ চি এল এছ শাখাৰ মহাপ্ৰবন্ধক কুশল কুমাৰ, যুটিয়া মহাপ্ৰৱন্ধক মহম্মদ ইয়াচমিনকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া অভিযন্তাসকল উপস্থিত থাকে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন