মহিলাক ন্যায় প্ৰদান কৰিবলৈ মহিলা আয়োগ সদায় দায়বদ্ধ

0 375

অসম ৰাজ্যিক মহিলা আয়োগে মহিলা ন্যায় আৰু অধিকাৰৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে।অলপতে অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত অধিষ্ঠিত হোৱা হেমপ্ৰভা বৰঠাকুৰে এই সম্পৰ্কত কয় যে নিৰ্যাতিত মহিলাক ন্যায় প্ৰদান কৰা আৰু মহিলা আয়োগক নতুন গতি দিয়াৰ বাবে আমি সদায় দায়বদ্ধ। ইতিমধ্যে কাৰ্যকাল লাভ কৰা পিছৰে পৰা হেমপ্ৰভা বৰঠাকুৰে মহিলা থানা পৰিদৰ্শন কৰি গোচৰ নিষ্পত্তি পাব লগা বিষয় সম্পৰ্কত আলোচনাত মিলিত হয়।
আনহাতে প্ৰতিখন জিলাৰ জিলা উপায়ুক্ত আৰু থানাৰ OC লগত সম্পর্ক গঢ়ি তুলি মহিলা আয়োগক ন দিশেৰে গতি দিয়া কথা জানিবলৈ দিয়ে। বৰঠাকুৰে কয় যে লিংগ বৈষমতাৰ বাবে মহিলা নিৰ্যাতনৰ বিষয়টো বিশেষকৈ গা কৰি উঠা দেখা যায়।কোন অভিভাৱকে এগৰাকী ছোৱালীক যিদৰে নীতি শিক্ষা প্ৰদান কৰে ঠিক সেইদৰে এজন ল’ৰা ক্ষেত্ৰতটো একে নীতি শিক্ষা প্ৰদান কৰাটো উচিত ।আনহাতে জনাই যে কোনো নিৰ্যাতিত মহিলাই উপযুক্ত অৰ্থৰ অভাৱত গোচৰৰ বাবে যুঁজ দিবলৈ অপাৰগত হ’লেও বিনামূলীয়া ভাৱে মহিলা অধিবক্তা যোগান ধৰি তেওঁলোকৰ গোচৰ নিষ্পত্তি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে।জানিব পৰা মতে প্ৰথম পৰ্যায়ত চাহ বাগান অঞ্চলৰ মহিলা তথা উঠি অহা প্ৰজন্মক জনসজাগতামূলক কাৰ্যসূচী জৰিয়তে সামৰি লোৱা পৰিকল্পনা আছে বুলি তেখেতে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.