লাচিত দিৱস উদযাপন

0 381

WhatsApp Image 2017-11-24 at 6.00.25 PM

আজি লাচিত দিৱস। সমগ্ৰ অসমতে বিভিন্ন দল সংগঠনে জাতীয় বীৰ জনাক সুৱঁৰি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা বাতৰি আমালৈ আহিছে। টাই আহোম যুৱ পৰিষদে কামৰূপ জিলা সমিতিৰ উদ্যোগত মহাবীৰ লাচিত দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰে। এইবাৰ মহাবীৰ লাচিত বঁটা লাভ কৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই। প্ৰসংগক্ৰমে উল্লেখ্য যে টাই আহোম যুৱ পৰিষদে প্ৰতিবছৰে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক ক্ষেত্ৰত বিশেষভাবে সেৱা আগবঢ়াই অহা ব্যক্তিক লাচিত বঁটাৰে সন্মানিত কৰি আহিছে। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয় যে লাচিত বৰফুকনৰ কৰ্মৰাজী বহল ভাবে প্ৰসাৰ ঘটাবলৈ অহাবাৰ দেশৰ ৰাজধানী দিল্লীত লাচিত দিৱস আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

WhatsApp Image 2017-11-24 at 5.59.51 PM

স্কুলীয়া পাঠ্যক্ৰমৰ অন্তৰ্গত লাচিত বৰফুকনৰ সম্পৰ্কে লেখা সন্নিবিষ্ট কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও মোমাই কটা গডক অথবা ঐতিহাসিক ঠাই সমূহক বেদখল মুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিশেষ কৈ শিৱসাগৰৰ ঐতিহাসিক সমল সংৰক্ষণৰ বাবে পৰিকল্পনা কৰা হৈছে। ইয়াৰ বাবে সকলোৱে একতাৰে আগবাঢ়ি লাগিব। কাৰণ সংঘাতে নহয়, কেৱল সমন্বয়তেহে শক্তি নিহিত হৈ থাকে।

WhatsApp Image 2017-11-24 at 5.59.23 PM

আনহাতে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তই এই অনুষ্ঠানত এইদৰে ব্যক্ত ৰাখে… কলিয়াবৰত থকা মৈডাম সমূহৰ সংৰক্ষণ হ’ব লাগে। ইতিমধ্যে কলিয়াবৰত মুলাগাভৰুৰ প্ৰতিচিহ্ন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। এই অনুষ্ঠানত সাহিত্যিক ইছমাইল হুছেইনে আগবঢ়ালে বহু কেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ-তেখেতে ক’লে লাচিত বৰফুকন হিন্দু অথবা আহোম বীৰ নহয়। তেখেত এগৰাকী জাতীয় বীৰ। তেখেতে যুদ্ধত যি ৰণকৌশল ব্যৱহাৰ কৰিছিল, সেই কৌশল পৃথিৱীতে বিৰল। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি লণ্ডনত সংৰক্ষণ হ’ব লাগে। শংকৰদেৱৰ সাংস্কৃতিক কেন্দ্ৰ এটা লণ্ডনত প্ৰতিষ্ঠা কৰিব লাগে। বিশেষকৈ কোচবিহাৰ সীমান্তত বীৰলাচিত বৰফুকনৰ তোৰণ আৰু চিলাৰায় তোৰণ গঢ়ি তুলিব লাগে। অনুষ্ঠানৰ লগত সংগতি ৰাখি হুছেইনে বহুকেইখন ঐতিহাসিক গ্ৰন্থ মুকলি কৰে। স্মৰ্তব্য যে, আজি এই দিনটোত যোৰহাটস্থিত লাচিত মৈদামত স্মৃতি সৌধৰ আধাৰশিলা স্থাপন কৰে। ইফালে কাছাৰী ঘাটৰ পাৰত বিভিন্নজনে চিত্ৰ -তুলিকা অভিনয়ৰে জাতীয় বীৰজনাক স্মৰণ কৰে।

Leave A Reply

Your email address will not be published.