হালধাত শান্তি আৰু মানৱতাৰ সম্পৰ্কত প্ৰেৰণামূলক বক্তব্য প্ৰদান কৰিলে ডক্টৰ দিব্য জ্যোতি শইকীয়াই

0 204

দেওবাৰে দৰং জিলাৰ অন্তৰ্গত পুৰস্কাৰ প্ৰাপ্ত স্বচ্ছ তথা আদৰ্শ গাঁও হালধাত শান্তি আৰু মানৱতাৰ অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ শীর্ষক এক প্ৰেৰণাত্মক বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে শান্তি আৰু মানৱতাৰ সন্দৰ্ভত বিশ্লেণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়াই অৰ্ধ শতাধিক ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত, বিশ্ব সংবিধান সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য,ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে হালধা গাঁৱৰ শতাধিক লোক।অনুষ্ঠানৰ অন্তত নতুন ধানৰ চাউলেৰে ন লগোৱা অনুষ্ঠানত গাঁওবাসীৰ সৈতে এসাঁজ গ্ৰহণ কৰে ডক্টৰ দিব্যজ্যোতি শইকীয়াই।
দৰং জিলা প্ৰশাসনে ২০১৭ চনত জিলাখন ভিতৰতে স্বচ্ছ তথা আদৰ্শ গাঁও হিচাপে স্বীকৃতি প্ৰদান কৰা হালধা গাঁৱত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান হালধাৰ উদ্যোগত বৰনদী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণি হয় পুৱা ৬ বজাৰ পৰা চাফাই কৰ্মৰে।
ইয়াৰ পিছতে ১০ বজাৰ পৰা শান্তি আৰু মানৱতা সন্দৰ্ভত শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ শীর্ষক এক বিশেষ প্ৰেৰণাণাত্মক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে শান্তি আৰু মানৱতাৰ সন্দৰ্ভত বিশ্লেষণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য কয় যে গাঁও এখন স্বচ্ছ কৰি ৰখাটো অতিকৈ প্ৰয়োজন।হালধা গাঁৱবাসীয়ে জিলাখনৰ ভিতৰত এক স্বচ্ছ গাঁৱত স্বীকৃতি লাভ কৰাটো অতিকৈ গৌৰৱৰ কথা।
হালধা গাঁৱৰ এই স্বীকৃতি লাভৰ আঁৰত আছে গাঁওখনৰ প্ৰতিগৰাকী লোকৰে প্ৰচেষ্টা।গাঁওবাসীৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাত ভৱিষ্যতে হালধা গাঁওখন স্বচ্ছতাৰ লগতে অন্যান্য দিশটো আগুৱাই গৈ ভাৰতৰ ভিতৰতে এখন আদৰ্শ গাঁও হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ডঃ দিব্যজ্যোতি শইকীয়াই।
গাঁও এখন স্বচ্ছ হৈ থকাৰ লগতে গাঁওখনত বসবাস কৰা প্ৰতিগৰাকী লোকৰ মন-মস্তিস্ক স্বচ্ছ হৈ থকাটো অতিকৈ প্ৰয়োজন বুলিও বক্তৃতা অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি ডঃ দিব্যজ্যোতি শইকীয়াই কয় অন্ধবিশ্বাস মুক্ত আৰু শান্তি আৰু মানৱতা অবিহনে অসম সমাজ অথবা এখন গাঁওৰ প্ৰকৃত বিকাশ হ’ব নোৱাৰে।এখন সমাজ অথবা গাঁৱত বসবাস কৰা লোক অন্ধবিশ্বাস মুক্ত হ’লে সেইখন সমাজে অথবা গাঁৱত শান্তি আৰু মানৱতা প্ৰতিষ্ঠা কৰাটো সম্ভৱ।
ডঃ দিব্যজ্যোতি শইকীয়াৰ এই অনুষ্ঠানৰ পিছতেই হালধা গাঁৱত নতুন ধানৰ চাউলেৰে অনুস্থিত হয় ন লগোৱা অনুষ্ঠান।উক্ত অনুষ্ঠানত গাঁৱবাসীৰ লগত মিলি এসাঁজ গ্ৰহণ কৰে শইকীয়াই।দৰং জিলাৰ পুৰস্কাৰ প্ৰাপ্ত স্বচ্ছ তথা আদর্শ গাঁও হালধাত অনুষ্ঠিত হোৱা উক্ত সমূহ কাৰ্যসূচীৰ মিডিয়া পাৰ্টনাৰ হিচাপে থাকে নিউজ পৰ্টেল এন ই ফ’কাচ ডট কম,সংবাদ ৩৬৫ আৰু নেক্সটাৰ নিউজ।

Leave A Reply

Your email address will not be published.