ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে শিৱসাগৰত আয়োজিত একতা পেৰেডৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

0 246

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আয়োজিত একতা পেৰেড পৰিদৰ্শন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে।শিৱসাগৰ জিলা আৰক্ষীৰ উদ্যোগত আয়োজিত এই পেৰেডত মুঠ আঠটাকৈ দলে অংশগ্ৰহণ কৰে।তেওঁলোক হৈছে চি আৰ পি এফৰ ১৫৯নং বেটেলিয়ন,অ’এন জি চি,নাজিৰাস্থিত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী,অসম আৰক্ষী প্ৰথম,তৃতীয় আৰু ২৫নং বেটেলিয়ন, শিৱসাগৰ আৰু যোৰহাট ডিষ্টিক্ত এগজিকিউটিভ ফ’ৰ্চ আৰু লিগিৰিপুখুৰী নাজিৰাস্থিত প্ৰথম অসম আৰক্ষী বেটেলিয়ন ব্ৰেণ্ড প্লাৰ্টুন দল।এই পেটেডৰ নেতৃত্ব বহন কৰে পেৰেড কমাণ্ডাৰ অনুপজ্যোতি বৰাই।
 
 
 
একতা পেৰেড উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীন ভাৰতৰ প্ৰথম গৰাকী উপপ্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী লৌহমানৱ,ভাৰতৰত্ন চৰ্দাৰ বল্লভ ভাই পেটেলৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ প্ৰতিগৰাকী ভাৰতীয়ই দেশৰ একতা,অখণ্ডতা আৰু সৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব।
 
লৌহমানৱ গৰাকীয়ে স্বাধীনতা সময়ত দেশৰ সৰু সৰু ৰাজ্যবোৰ একত্ৰিত কৰি এক শক্তিশালী গণতন্ত্ৰৰ ভেটি গঢ়ি তুলিছিল।তেওঁ দেখুৱাই যোৱা পথ অনুসৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৬ হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা,মূল্যবোধ আৰু পৰম্পৰা ভেটিৰ ওপৰত প্ৰতিষ্ঠিত এখন শক্তিশালী ভাৰতীয় সমাজ গঢ়াৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। আমিও অসমৰ বুকুত শিক্ষা,সাংস্কৃতিক, ক্ৰীড়া আদি সকলো দিশতে নিপুণ তথা ৰাষ্ট্ৰভক্তি আৰু ৰাষ্ট্ৰ সেৱাত সমৰ্পিত এক প্ৰজন্ম গঢ়ি তোলাৰ লক্ষ্যৰে নিষ্ঠাৰে কাম কৰিছো। ইচ্ছা শক্তি থাকিলে সকলো সম্ভৱ বুলি মন্তব্য কৰি একতা,দৃঢ়তা,কঠোৰ পৰিশ্ৰম আদি মানৱীয় অস্ত্ৰৰে এখন আত্মনির্ভৰ অসম তথা শক্তিশালী ভাৰত নিৰ্মাণৰ বাবে আত্মনিয়োগ কৰিবলৈ সকলোকে আহ্বান জনায়।
আজি এই একতা পেৰেডৰ অনুষ্ঠানত সাংসদ তপন গগৈ,বিধায়ক কুশল দুৱৰী,আৰক্ষী উপ মহাপৰিদৰ্শক শিৱ প্ৰসাদ গাঞ্জালা ,শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈ আৰু আৰক্ষী অধীক্ষক অমিতাভ সিনহাকে ধৰি জিলা প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.