“Young Visionaries of the 21st Century” উজনিত ষ্টাৰ্ট আপ ঢৌৰ শুভ আৰম্ভণি

0 206

3

ঐতিহ্য বিজড়িত ৰংপুৰত শুভ উন্মেষণ ঘটিল উজনি অসমৰ প্ৰথম খন ষ্টাৰ্ট আপ সমাৰোহৰ । “Young Visionaries of the 21st Century” নামেৰে আৰম্ভ হোৱা এই সমাৰোহ উজনি অসমত আৰম্ভণি কৰাত বিশেষ ভাবে উদ্যোগ লয় খ্যাতনামা উদ্যমী হিৰণ্ময় গগৈয়ে । অসমৰ চুকে কোনে লুকাই থকা বিভিন্ন ক্ষেত্ৰৰ উদ্যমী সকলৰ সহযোগিতাৰ মাধ্যমেৰে এখন উমৈহতীয়া মঞ্চ গঠন কৰাই এই সমাৰোহৰ মূল উদ্দেশ্য ।

2

উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী অনুষ্ঠান NE8Startupৰ সহযোগত অনুষ্ঠিত হোৱা এই সমাৰোহত অংশ লয় বহুকেইজন নবীন আৰু প্ৰবীণ উদ্যমী আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ।হিৰণ্ময় গগৈয়ে তেওঁৰ আদৰণি ভাষণৰ যোগেদি নৱ-প্ৰজন্মক উদ্যমীতাৰ প্ৰতি আকৰ্ষিত কৰি, উদ্যমশীলতাৰ বিভিন্ন দিশ সমুহৰ বিষয়ে অৱগত কৰে । অনুষ্ঠানটো বিভিন্ন বক্তা সকলেও মনোগ্ৰাহী বক্তব্য আগবঢ়াই । ONGC, Assam assetৰ মানৱ সম্পদ বিভাগৰ মুখ্য পৰিচালক আৰু মনিভন্নন, বিশিষ্ট সমাজকৰ্মী তথা উদ্যমী বন্তি বৰগোহাঁই, প্ৰাঞ্জল শইকীয়া, ধ্ৰুৱজ্যোতি অৰ্জুনাৰ সতে মত বিনিময় অনুষ্ঠানতো যথেষ্ট উপভোগ্য হৈছিল ।

4

  KPM Schoolৰ ছাত্ৰীসকলৰ নৃত্য আৰু গীত তথা উদীয়মান শিল্পী কৰবী চেতিয়াৰ যাদুকৰী কণ্ঠই যেন অনুষ্ঠানটোৰ সৌষ্ঠৱ দুগুনে বঢ়াই তুলিলে ।  

    5

 হিৰণ্ময় গগৈয়ে এই অনুষ্ঠানটোৰ সম্পৰ্কত আমাক জনায় যে “Young Visionaries of the 21st Century”ৰ দৰাচলতে এক অবিৰত যাত্ৰা । এই যাত্ৰা অসমৰ বিভিন্ন ঠাইৰ উদ্যমী সকলক সৰ্বতোপ্ৰকাৰে সহায় কৰাৰ । অসমৰ অন্যান্য প্ৰান্ততো “Young Visionaries of the 21st Century” অতি সোনকালেই এনে সমাৰোহ আৰম্ভ কৰিব । “Young Visionaries of the 21st Century”এ  উজনি অসমত ষ্টাৰ্টআপ সংস্কৃতিক এক নতুন গতি দিব বুলি আমি অতিশয় আশাবাদী ।

 

 লেখক:ধ্ৰুৱজ্যোতি অৰ্জুনা   

Leave A Reply

Your email address will not be published.