পৰ্যটন: ঐতিহাসিক শিৱসাগৰত এভুমুকি

3 504

যোৱাটো খণ্ডত আপোনালোকে শিৱসাগৰৰ বিভিন্ন ঠাইৰ বিষয়ে গম পালে নহয়নে? আজিৰ খণ্ডটিতো মই শিৱসাগৰৰ কিছুমান নজনা ঠাইৰ বিষয়ে ক’ম। নজনা ঠাই মানে আকৌ সকলোৱে নজনা নহয় দেই! মই জনাত আমাৰ পঢ়ুৱৈসকলৰ মাজতো খুব ভাল পৰ্যটনকাৰী আছে যিসকলে ইতিমধ্যে বহুতো ঠাই ভ্ৰমিছে। আজি কেইখন মান পৰ্যটনৰ সম্ভাৱনা থকা ঠাইৰ বিষয়ে জনাব বিচাৰিছো। শিৱসাগৰ চহৰৰ কেন্দ্ৰত অৱস্থিত ঠাইসমূহৰ বাদেও কিছুমান খুব সুন্দৰ ঠাই আছে। এই ঠাইসমূহ খুব ভিতৰুৱা অঞ্চলত থকাৰ কাৰণে বহুতে ঠাইসমূহ দেখা নাই। উদাহৰণস্বৰূপে, আমি পাটকাই পাহাৰৰ অনাৱিষ্কৃত মৈদামসমূহৰ নাম ল’ব পাৰো। শ শ বছৰ পুৰণি মৈদামসমূহ যদি সংৰক্ষণ  কৰে তেন্তে পৰ্যটকৰ এক আকৰ্ষণীয় ঠাই হিচাপে পৰিগণিত হ’ব। কিছুমান ঠাইৰ আকৌ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ পাছতো পৰ্যটকসকল বিদিত নহয়।

60458057

পোন  প্ৰথমে আপোনালোকক জনাবলৈ ভাল পাম মোৰ পছন্দৰ ঠাই-“দিচাংমুখ”। শিৱসাগৰ নগৰৰ পৰা মাথো ১০ কিলোমিটাৰ আতঁৰত অৱস্থিত এই ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য হৈছে ইয়াৰ একমাত্ৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই দিচাংমুখ হৈছে মহাবাহু ব্ৰক্ষ্মপুত্ৰ আৰু দিচাং উপনদীৰ স্ংগমস্থলী। ইয়াত বেলি ডুবাৰ মনোৰম দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। ইংৰাজী বৰ্ষৰ প্ৰথম মাহত বনভোজৰ বাবে ইয়াত বহুতো লোকৰ সমাগম হয়। ইয়াৰ উপৰিও দিচাংমুখত প্ৰত্যেক দুবছৰৰ অন্তৰে “দিচাং উৎসৱ” আয়োজন কৰা হয়। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আয়োজন কৰা এই উৎসৱত মিচিং জনজাতিৰ সাংস্কৃতিক পয়োভৰ দেখা পোৱাৰ লগতে থলুৱা সাজ-পাৰ, খাদ্য, আদিও পোৱা যায়।

m_26

কমলাবাৰী অভয়াৰণ্য ৰ কথা হয়তো বহুতে নাজানে। শিৱসাগৰৰ এই ঠাই খন নতুনকৈ পৰ্যটনস্থলী হিচপে নিৰ্মাণ কৰা হৈছে। ইয়াতো বিশেষকৈ ডিচেম্বৰৰ পৰা ফ্ৰেবুৱাৰী মাহ মানলৈকে পৰ্যটকৰ ভিৰ হয়। ঠাইখন অতি সুন্দৰ এলেকাত অৱস্থিত, ঠাইখন পাহাৰীয়া  হোৱাৰ লগতে চাৰিওদিশ সেউজীয়া পৰিৱেশৰ সমাহাৰ। গতিকে এই ঠাইখনো শিৱসাগৰৰ চাবলগীয়া ঠাইৰ ভিতৰত এখন উল্লেখযোগ্য ঠাই।

hqdefault

শিৱসাগৰৰ মাটি, পানী, বতাহতো কিবা যেন ঐতিহাসিক স্মৃতি বিজড়িত হৈ আছে। এই মাটিতেই বিৰাজ কৰিছে ধৰ্মৰ দুডাল জৰী । বিভেদ থাকে মানুহৰ মনত, আকৌ এই মানুহেই উন্নত চিন্তাধাৰাৰ প্ৰমাণ দিয়ে। কিন্তু প্ৰকৃতিয়ে কেতিয়াও নামানে বিভেদৰ প্ৰাচীৰ, আজিও শ’ৰাগুৰি চাপৰিত আপোনালোকে দেখিবলৈ পাব অসমৰ মাটিত ঐক্য প্ৰতিষ্ঠা কৰিবলৈ অহা আজনপীৰৰ দৰগাহ। এই শিৱসাগৰতে এফালে বিখ্যাত শিৱদৌল আৰু আনফালে আছে আজানপীৰৰ দৰগাহৰ লগতে, আব্দুলগানী চাহাবৰ দৰগাহ,চাহেলপীৰ আৰু চাৱাল পীৰৰ দৰগাহ।

sawal peer 7

ঐতিহ্যৰ সাগৰ, শিৱসাগৰৰ কথা আজিলৈ সামৰিলো যদিও এটা কথাই ক’ব বিচাৰো যে মই উল্লেখ কৰা ঠাইসমূহ পৰিদৰ্শন নকৰালৈকে মোৰ কথাৰ প্ৰকৃত আমোদ নাপাব। গতিকে পলম নকৰিব, ব্যস্ততাৰ মাজতো এবাৰ চাবলৈ নাপাহৰিব। এনে ন-পুৰণি ঠাইসমূহৰ বিষয়ে ক’বলৈ মই পুনৰ আহিম, তাৰ বাবে চাই থাকিব আমাৰ ৱেবচাইট ne focus.com.

লেখক- বন্দনা গগৈ

3 Comments
  1. Dimpi gogoi saikia says

    good . keep it up.

  2. Rajnish Mishra says

    Bor bhal lagil bandana gogoi . Thanks admin dangoria.

  3. Bandana Gogoi says

    thank u so much article tu pohi apunaluke bhal puar babe, plz do give me suggestions so that i can do better. Thank u once again.

Leave A Reply

Your email address will not be published.