মহা মেলাৰ মহা আয়োজন

0 336

অসম পৰ্যটন উন্নয়ন নিগম আৰু অসম চৰকাৰৰ সহযোগত অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব লগা অম্বুবাচী মেলাৰ প্ৰসংগত আজি পৰ্যটন বিভাগত  এক সংবাদ মেল আয়োজন কৰে। সংবাদমেলত নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে ধৰ্মীয় পৰ্যটনৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। বিশেষকৈ খোৱাপানী, চাফচিকুনতা, অনাময়ৰ কাৰণে সুব্যৱস্থা গঢ়ি তোলা হ’ব বুলি সদৰী কৰে। ইতিমধ্যে অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যত অম্বুবাচী প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিজ্ঞাপনৰ ব্যৱস্থা কৰা কথা সদৰী কৰে। স্মৰ্তব্য যে দেশৰ ৮১ টা আগশাৰী মন্দিৰত এই বিজ্ঞাপন প্ৰচাৰ কৰা হৈছে। ভক্ত তথা পৰ্যটক সকলে অম্বুবাচী কেইদিন নীলাচল পাহাৰত নিৰিবিলি সৌন্দৰ্যৰ মাজত কটাব পৰাকে থকা আৰু খোৱাৰো সুব্যৱস্থা কৰিছে। বিশেষকৈ মেখেলা উজোৱা পথটো মেৰামতি কৰাৰ কথা জানিবলৈ দিয়ে। এয়া আছিল অম্বুবাচী প্ৰাক্ক্ষণৰ কিছু বতৰা। আশা কৰা হৈছে এনে ধৰণৰ ধৰ্মীয় পৰ্যটনে ৰাজহ বৃদ্ধি কৰাত সহায়ক হ’ব।

IMG-20170603-WA0017

Leave A Reply

Your email address will not be published.