ৰাষ্ট্ৰীয় পৰ্যায়ত উজলালে অসমৰ নাম

0 261

২

বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ একাংশ কিশোৰ কিশোৰীয়ে স্বপ্ৰতিভাৰে নিজৰ পৰিচয় জিনিবলৈ সক্ষম হৈছে। তেনে কিশোৰ সকলৰ এজন অন্যতম কিশোৰ বিশ্বনাথ তিনিসুঁতিৰ স্বাগত চুব্বা। উল্লেখযোগ্য যে স্বাগতে সৰ্বভাৰতীয় পৰ্য্যায়ত মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত হোৱা যাং মুদু প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সম্পৰ্কে জানিব বিচাৰাত স্বাগতে এনেদৰে  জনায়- সমৰকলাৰ প্ৰতি আকৰ্ষণ সৰুৰে পৰা আছিল। যাৰ আপাহতে প্ৰশিক্ষকৰ তাত গৈ আনুষ্ঠানিক ভাৱে প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো। মোৰ গুৰু বুলিলে পৱন দাহাল চাৰৰ কথা ক’ব লাগিব। তেখেতৰ ওচৰতে প্ৰশিক্ষণ গ্ৰহণ কৰিছিলো। পোনপ্ৰথমে জিলা পৰ্য্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যথেষ্ট উৎসাহ পাইছিলো। জিলা পৰ্য্যায়ত লাভ কৰা পদকে পৰৰ্বত্তী সময়ত আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা যোগাইছিল।

PicsArt_06-02-08.17.29
স্বাগতে শ্ৰীমন্ত শংকৰ গুৰু বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়ন কৰি আছে। তেওঁ ১৫ মে’ এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ভবিষ্যতে তেওঁ এজন ভাল খেলুৱৈ হৈ অসমৰ নাম উজ্বলাই তুলিব বিচাৰে। স্বাগত চুব্বাৰ সপোন বাস্তৱায়িত হওক, আমাৰ থাকিল বহু শুভকামনা।

Leave A Reply

Your email address will not be published.