মায়’দিয়াৰ মায়াৰ কথাৰে..

1 330

প্ৰতিজন সৌন্দৰ্য্যপ্ৰেমীয়ে ধুনীয়া ঠাইত কিছুসময় অতিবাহিত কৰিবলৈ হাবিয়াস কৰে, আচলতে যিকোনো ধুনীয়া বস্তুৰ প্ৰতি সকলো মানুহৰে আকৰ্ষণ থাকে।আজি Nefocus.com ৰ পৰ্যটন শিতানত আপোনাক  জনাব বিচাৰিছো, মায়’দিয়া নামৰ এখন ঠাইৰ বিষয়ে।আহকচোন কাহিনীৰ ফালে আগবাঢ়ো।unnamed.jpgkkkkkkkkkkkkkkkk
মায়’দিয়া! নামটোতেই কিবা মায়া থকা যেন অনুভৱ হয়,নহয়নে? আচলতে মায়’দিয়া হ’ল অপূৰ্ব মায়াৰ সমষ্টি।যাৰ সুবাদতে প্ৰত্যেকদিনাই প্ৰায় ৬০০-৭০০ দেশী-বিদেশী পৰ্যটকে সৌন্দৰ্য্যৰ সুধাপ্ৰাণ  কৰিবলৈ মায়’দিয়া  লৈ যায়। মায়’দিয়া অৰুণাচল প্ৰদেশৰ উত্তৰ  পূবৰ  নামনি ডিবাংভেলীত অৱস্থিত।উল্লেখযোগ্য যে  মায়’দিয়া সাগৰৰ পৃষ্ঠৰ পৰা ২৬৫৫ মিটাৰ  উচ্চতাত অৱস্থিত।unnamed.jpgnnnnnnnnnnnnnমায়’দিয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য অপৰুপ।জানুৱাৰী মাহত মায়’দিয়াৰ snowfall চাবলৈ বহু পৰ্যটকৰ সমাগম হয়। বিশেষকৈ গড়ল, মেথোন, দেও পহু, ভালুকৰ লগতে বিভিন্ন  ধৰণৰ  বিভিন্ন প্ৰজাতিৰ পক্ষীয়ে এনে সময়ত  মায়’দিয়াৰ সৌন্দৰ্য্য দুগুণ বঢ়াই তুলে।সেয়ে  পক্ষী প্ৰেমীসকলে পক্ষী চাবলৈ জানুৱাৰী মাহত ভিৰ কৰা পৰিলক্ষিত হয়। মায়’দিয়ালৈ যাবলৈ হ’লে তিনিচুকীয়া হৈ ডুমডুমা, ৰুপাই, কাকপথাৰ, নামচাই, আলুবাৰী, ৰয়িং পাৰ হৈ মায়’দিয়া পাব পাৰি। 

    আনহাতে ধেমাজি, জোনাই, পাচিঘাট, ডামাকো, ৰয়িং হৈ মায়’দিয়া পাব পাৰি। মায়’দিয়াৰ পৰা স্পস্টভাবে হিমালয়, চীন-ভাৰতৰ সীমান্ত দেখা যায়।মায়’দিয়া লৈ যোৱা বাট পথ বিশেষ আহল-বহল  নহ’লেও খুব বেয়া নহয়।স্কৰ’পিঅ, ব’লেৰো আদিবোৰ ভাৰাৰ বাবে তিনিচুকীয়াৰ পৰা পোৱা যায়।আনহাতে এজন ব্যক্তিয়ে এদিনত ৩৫০০ টকাতে  সকলো ধৰণৰ  থকা খোৱা সুবিধা  ল’ব  পাৰে। ইচ্ছুক সকলে সবিশেষ জানিবৰ বাবে বিদ্যুৎ বিকাশ গগৈ ৯৮৫৯০৯৭৫৬০ নম্বৰত যোগাযোগ কৰিব পাৰে। মায়’দিয়া সৌন্দৰ্য্য উপভোগ কৰিবলৈ এয়াই সঠিক সময়। পৰ্য্যাপ্ত পৰিমাণৰ শীত নিবাৰণৰ আহিলা তথা কাপোৰে মায়’দিয়াৰ সৌন্দৰ্য্য উপভোগ কৰাত আপোনাৰ সহায়ক হ’ব।

1 Comment
  1. Syeda Zahan says

    Thanks for the information. This place os on my cards this year

Your email address will not be published.